সমললৈ যাওক

কাৰেণ উলেনবেক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কেৰেন উলেনবেক

Karen Uhlenbeck née Keskulla
জন্ম ২৪ আগষ্ট ১৯৪২
ক্লিভলেণ্ড্, অ'হায়', আমেৰিকা যুক্তৰাষ্ট্ৰ
বাসস্থান আমেৰিকা যুক্তৰাষ্ট্ৰ
জাতীয়তা আমেৰিকান
ক্ষেত্ৰ গণিতজ্ঞ
কৰ্মস্থান ইউনিভাৰ্ছিটি অৱ্ টেক্সাছ এট্ অষ্টিন
চিকাগ' বিশ্ববিদ্যালয়
চিকাগ'স্থিত ইলিনয়ছ বিশ্ববিদ্যালয়
নৰ্থৱেষ্টাৰ্ন বিশ্ববিদ্যালয়
উৰ্বানা-চেম্পেইনস্থিত ইলিনয়ছ বিশ্ববিদ্যালয়
শিক্ষানুষ্ঠান ব্ৰেণ্ডেইছ বিশ্ববিদ্যালয়
মিছিগান বিশ্ববিদ্যালয়
ডক্তৰেল পৰামৰ্শদাতা ৰিচাৰ্ড শ্বেলডন পেলেইছ
ডক্তৰেল বিদ্যাৰ্থী মাৰ্ক হেছকিনছ্
জনা যায় কেলকুলাছ্ অৱ্ ভেৰিয়েছনছ্
প্ৰভাৱ শ্বিং-টাং ৱাও
উল্লেখনীয় বঁটা মেকআৰ্থাৰ প্ৰাইজ ফেল'শ্বিপ
নইথাৰ লেকচাৰাৰ (১৯৮৮)
নেশ্বনেল মেডেল অৱ্ চায়েন্স (২০০০)
লেৰই পি. ষ্টিল বঁটা (২০০৭)
এবেল বঁটা (২০১৯)

কেৰেন কেছকুল্লা উলেনবেক (জন্ম ২৪ আগষ্ট ১৯৪২) এবেল বঁটা বিজয়ী প্ৰথমগৰাকী মহিলা গণিতজ্ঞ । এওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ অষ্টিনত অৱস্থিত টেক্সাছ বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু বিশ্ববিদ্যালয়খনৰ গণিত বিভাগৰ চিদ ডব্লিউ ৰিছাৰ্ডছন ফাউণ্ডেছন ৰিজেন্টছ আসনৰ গৰাকী ।[1][2][3]

শিক্ষা আৰু কেৰিয়াৰ

উলেনবেকে ১৯৬৪ চনত মিছিগান বিশ্ববিদ্যালয়ৰ পৰা বি. এ. ডিগ্ৰী লাভ কৰিছিল । তেওঁ নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ কুৰেন্ট ইনষ্টিটিউট অৱ্ মেথমেটিকেল চায়েন্সেছত স্নাতক শিক্ষা আৰম্ভ কৰিছিল । ১৯৬৫ চনত জৈৱপদাৰ্থবিদ অল্কে' চি. উলেনবেকৰ (পদাৰ্থবিজ্ঞানী জৰ্জ উলেনবেকৰ পুত্ৰ) সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হয় । স্বামীয়ে হাৰ্ভাৰ্ডলৈ যোৱাত তেৱোঁ স্বামীৰ লগত গুছি যায় আৰু ব্ৰে'ণ্ডেইছ বিশ্ববিদ্যালয়ত শিক্ষা পুনৰ আৰম্ভ কৰে । ইয়াৰ পৰাই ১৯৬৬ চনত তেওঁ এম. এ. ডিগ্ৰী আৰু ৰিচাৰ্ড পেলেইছৰ তত্ত্বাৱধানত ১৯৬৮ চনত পি. এইচ. ডি. ডিগ্ৰী লাভ কৰে । তেওঁৰ দাখিল কৰা গৱেষণা পত্ৰখনৰ শিৰোনাম আছিল The Calculus of Variations and Global Analysis ।

গৱেষণা

উলেনবেকৰ গৱেষণাই আংশিক অৱকলনীয় সমীকৰণ, গজ তত্ত্ব, সংস্থিতীয় কোৱান্টাম ক্ষেত্ৰ তত্ত্ব (topological quantum field theory), কেলকুলাছ অৱ্ ভেৰিয়েছনছ্, অনুকলনীয় প্ৰণালী (integrable systems) আদি বিভিন্ন ক্ষেত্ৰ সামৰি লৈছে ।

বঁটা আৰু সন্মান

উলেনবেকে লাভ কৰা কেইটামান উল্লেখনীয় বঁটা আৰু সন্মান:

  • মেকআৰ্থাৰ ফেল', ১৯৮৩[1][2]
  • মিছিগান বিশ্ববিদ্যালয়ৰ বছৰটোৰ প্ৰাক্তন শিক্ষাৰ্থী, ১৯৮৪[3]
  • "আমেৰিকান একাডেমী অৱ্ আৰ্টছ্ এণ্ড্ চায়েন্সেছ"ৰ সভ্য, ১৯৮৫[1][2]
  • নেশ্বনেল একাডেমী অৱ্ চায়েন্সৰ সদস্য, ১৯৮৬,নেশ্বনেল একাডেমীৰ সদস্যপদ লাভ কৰা প্ৰথমগৰাকী মহিলা গণিতজ্ঞ[1][2][3]
  • নইথাৰ লেকচাৰাৰ, ১৯৮৮[4]
  • "আন্তঃৰাষ্ট্ৰীয় গণিতজ্ঞৰ সংসদ"ত প্লেনাৰি বক্তা, ১৯৯০, (এমি নইথাৰৰ পিছত এই বক্তৃতা দিয়া একমাত্ৰ মহিলা)[1][2]
  • বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰত চিগমা একাদশ কমন ৱেলথ্ বঁটা, ১৯৯৫[3]
  • নেশ্বনেল মেডেল অৱ্ চায়েন্স, ২০০০[1][2][5][6]
  • উৰ্বানা-কেম্পেইনস্থিত ইলিনয়ছ বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট সন্মান, ২০০০[1]
  • গাগেহে'ইম ফেল', ২০০১[7]
  • অহায়' বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী, ২০০১[1]
  • Honorary doctorate from University of Michigan, 2004.[1]
  • আমেৰিকান মেথমেটিকেল চ'ছাইটিৰ ষ্টিল প্ৰাইজ, ২০০৭[1][2]
  • হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী, ২০০৭[1]
  • "লণ্ডন মেথমেটিকেল চ'ছাইটি"ৰ সন্মানীয় সদস্য, ২০০৮[1]
  • "আমেৰিকান মেথমেটিকেল চ'ছাইটি"ৰ সভ্যপদ, ২০১২[8]
  • প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডিগ্ৰী, ২০১২[9]
  • এবেল বঁটা, ২০১৯[10][11]

নিৰ্বাচিত কিতাপ-পত্ৰ

কিতাপ
গৱেষণা পত্ৰ

তথ্যসূত্ৰ

  1. 1.00 1.01 1.02 1.03 1.04 1.05 1.06 1.07 1.08 1.09 1.10 1.11 অ’ কন্নৰ, জন যে.; ৰবাৰ্টছন, এডমাণ্ট এফ, "কাৰেণ উলেনবেক", মেকটিউটৰ হিষ্ট্ৰী অৱ মেথমেটিকছ আৰ্কাইভ, ইউনিভাৰ্ছিটি অৱ ছেইণ্ট এনড্ৰিউছ, http://www-history.mcs.st-andrews.ac.uk/Biographies/Uhlenbeck_Karen.html .
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 Karen Uhlenbeck, Agnes Scott College, http://www.agnesscott.edu/lriddle/women/uhlenbk.htm .
  3. 3.0 3.1 3.2 3.3 Katterman, Lee (December 6, 1999), "Michigan Great Karen K. Uhlenbeck: Pioneer in mathematical analysis—and for women mathematicians", The University Record (University of Michigan), http://www.ur.umich.edu/9900/Dec06_99/12.htm, আহৰণ কৰা হৈছে: 2014-12-19 
  4. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; noether নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  5. The President's National Medal of Science: Recipient Details, National Science Foundation, https://www.nsf.gov/od/nms/recip_details.cfm?recip_id=366, আহৰণ কৰা হৈছে: 13 December 2009 
  6. UT Austin mathematics professor wins National Medal of Science, Univ. of Texas, November 13, 2000, http://www.utexas.edu/news/2000/11/13/nr_science/, আহৰণ কৰা হৈছে: 2014-12-19 .
  7. Three UT Austin professors win prestigious Guggenheim Fellowships, Univ. of Texas, April 23, 2001, http://www.utexas.edu/news/2001/04/23/nr_guggenheim/, আহৰণ কৰা হৈছে: 2014-12-19 .
  8. List of Fellows, American Mathematical Society, http://www.ams.org/profession/fellows-list, আহৰণ কৰা হৈছে: 2013-08-28 .
  9. "Princeton awards six honorary degrees" (en ভাষাত). Princeton University. https://www.princeton.edu/news/2012/06/05/princeton-awards-six-honorary-degrees। আহৰণ কৰা হৈছে: 2019-03-08. 
  10. "Karen Uhlenbeck first woman to win the Abel Prize". The Norwegian Academy of Science and Letters. http://www.abelprize.no/nyheter/vis.html?tid=74161। আহৰণ কৰা হৈছে: 19 March 2019. 
  11. Chang, Kenneth (19 March 2019). "Karen Uhlenbeck Is First Woman to Receive Abel Prize in Mathematics - Dr. Uhlenbeck helped pioneer geometric analysis, developing techniques now commonly used by many mathematicians.". The New York Times. https://www.nytimes.com/2019/03/19/science/karen-uhlenbeck-abel-prize.html। আহৰণ কৰা হৈছে: 19 March 2019. 

বাহ্যিক সংযোগ