সমললৈ যাওক

কাৰেণ উলেনবেক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
14:16, 19 March 2019-ত Priyankush Deka (আলোচনা | বৰঙণি) সদস্য‌ই কৰা সংশোধন (নতুন পৃষ্ঠা: {{Infobox scientist | name = Karen Uhlenbeck | image = Uhlenbeck Karen 1982.jpg | image_size = 200px | caption = Karen Uhlenbeck ''née'' Keskulla | birth_date =...)
Karen Uhlenbeck

Karen Uhlenbeck née Keskulla
জন্ম সাঁচ:B-da
Cleveland, Ohio, United States
বাসস্থান United States
জাতীয়তা American
ক্ষেত্ৰ Mathematician
কৰ্মস্থান University of Texas at Austin
University of Chicago
University of Illinois at Chicago
Northwestern University
University of Illinois at Urbana-Champaign
শিক্ষানুষ্ঠান Brandeis University
University of Michigan
ডক্তৰেল পৰামৰ্শদাতা Richard Sheldon Palais
ডক্তৰেল বিদ্যাৰ্থী Mark Haskins
জনা যায় Calculus of variations
প্ৰভাৱ Shing-Tung Yau
উল্লেখনীয় বঁটা MacArthur Prize Fellowship
Noether Lecturer (1988)
National Medal of Science (2000)
Leroy P. Steele Prize (2007)
Abel Prize (2019)

কেৰেন কেছকুল্লা উলেনবেক (জন্ম ২৪ আগষ্ট ১৯৪২) এবেল বঁটা বিজয়ী প্ৰথমগৰাকী মহিলা গণিতজ্ঞ । এওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ অষ্টিনত অৱস্থিত টেক্সাছ বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু বিশ্ববিদ্যালয়খনৰ গণিত বিভাগৰ চিদ ডব্লিউ ৰিছাৰ্ডছন ফাউণ্ডেছন ৰিজেন্টছ আসনৰ গৰাকী ।[1][2][3]

শিক্ষা আৰু কেৰিয়াৰ

উলেনবেকে ১৯৬৪ চনত মিছিগান বিশ্ববিদ্যালয়ৰ পৰা বি. এ. ডিগ্ৰী লাভ কৰিছিল । তেওঁ নিউয়ৰ্ক বিশ্ববিদ্যালয়ৰ কুৰেন্ট ইনষ্টিটিউট অৱ্ মেথমেটিকেল চায়েন্সেছত স্নাতক শিক্ষা আৰম্ভ কৰিছিল । ১৯৬৫ চনত জৈৱপদাৰ্থবিদ অল্কে' চি. উলেনবেকৰ (পদাৰ্থবিজ্ঞানী জৰ্জ উলেনবেকৰ পুত্ৰ) সৈতে তেওঁ বিবাহপাশত আৱদ্ধ হয় । স্বামীয়ে হাৰ্ভাৰ্ডলৈ যোৱাত তেৱোঁ স্বামীৰ লগত গুছি যায় আৰু ব্ৰে'ণ্ডেইছ বিশ্ববিদ্যালয়ত শিক্ষা পুনৰ আৰম্ভ কৰে । ইয়াৰ পৰাই ১৯৬৬ চনত তেওঁ এম. এ. ডিগ্ৰী আৰু ৰিচাৰ্ড পেলেইছৰ তত্ত্বাৱধানত ১৯৬৮ চনত পি. এইচ. ডি. ডিগ্ৰী লাভ কৰে । তেওঁৰ দাখিল কৰা গৱেষণা পত্ৰখনৰ শিৰোনাম আছিল The Calculus of Variations and Global Analysis ।

গৱেষণা

উলেনবেকৰ গৱেষণাই আংশিক অৱকলনীয় সমীকৰণ, গজ তত্ত্ব, সংস্থিতীয় কোৱান্টাম ক্ষেত্ৰ তত্ত্ব (topological quantum field theory), কেলকুলাছ অৱ্ ভেৰিয়েছনছ্, অনুকলনীয় প্ৰণালী (integrable systems) আদি বিভিন্ন ক্ষেত্ৰ সামৰি লৈছে ।

  1. অ’ কন্নৰ, জন যে.; ৰবাৰ্টছন, এডমাণ্ট এফ, "কাৰেণ উলেনবেক", মেকটিউটৰ হিষ্ট্ৰী অৱ মেথমেটিকছ আৰ্কাইভ, ইউনিভাৰ্ছিটি অৱ ছেইণ্ট এনড্ৰিউছ, http://www-history.mcs.st-andrews.ac.uk/Biographies/Uhlenbeck_Karen.html .
  2. Karen Uhlenbeck, Agnes Scott College, http://www.agnesscott.edu/lriddle/women/uhlenbk.htm .
  3. Katterman, Lee (December 6, 1999), "Michigan Great Karen K. Uhlenbeck: Pioneer in mathematical analysis—and for women mathematicians", The University Record (University of Michigan), http://www.ur.umich.edu/9900/Dec06_99/12.htm, আহৰণ কৰা হৈছে: 2014-12-19