সমললৈ যাওক

চাৰ্বাক দৰ্শন

অসমীয়া ৱিকিপিডিয়াৰ পৰা

চাৰ্বাক দৰ্শন হৈছে ভাৰতীয় দৰ্শনৰ এক উল্লেখযোগ্য ধাৰা।ই ভাৰতীয় নাস্তিক দৰ্শনৰ অন্তৰ্গত।ই একমাত্ৰ ভাৰতীয় বস্তুবাদী দৰ্শন। ইয়াৰ অন্য নাম হৈছে লোকায়ত দৰ্শন।কিয়নো ই সেইসময়ৰ ভাৰতীয় জনসাধাৰণৰ মাজত ব্যাপকভাৱে জনপ্ৰিয়তা লাভ কৰিছিল আৰু ইয়াত সাধাৰণ মানুহৰ চিন্তাধাৰা প্ৰতিফলিত হৈছিল।

প্রায়বােৰ ভাৰতীয় দর্শনে আধ্যাত্মবাদী চিন্তাৰ ওপৰত গুৰুত্ব দিয়ে যদিও চার্বাক ইয়াৰ ব্যতিক্রম।চার্বাকসকলৰ মতে অচেতন জড় পদার্থই একমাত্র সত্তা।জগতৰ সকলাে জড়ৰ পৰা উদ্ভৱ হৈছে।প্রাণ,মন সকলাে জড় সম্ভূত । চার্বাকে আত্মা,ঈশ্বৰ আদিকো বিশ্বাস নকৰে । স্বর্গ,অপবর্গ বা মুক্তি,পাৰলৌকিক ফলভােগ , বর্ণ বিভাজন বুলিও একো নাই।

চার্বাক দর্শনৰ কোনাে প্রামাণিক গ্রন্থ অদ্যাপি পােৱা নাই যদিও ৰামায়ণ,মহাভাৰত মহাকাব্য তথা বৌদ্ধ সাহিত্যৰ ঠায়ে ঠায়ে চার্বাক মতবাদৰ উল্লেখ আছে।এই দিশৰ পৰা চার্বাক দর্শন অতি প্রাচীন বুলি গণ্য কৰিব পাৰি।অন্যান্য ভাৰতীয় দার্শনিক সম্প্রদায়সমূহে চার্বাকসকলৰ মত খণ্ডন কৰিবলৈ আগবঢ়োৱা ব্যাখ্যাৰ প্রতি লক্ষ্য ৰাখিও ইয়াৰ প্রাচীনত্ব স্বীকাৰ কৰিব পাৰি।

চার্বাক দর্শন প্রতিষ্ঠাতা কোন সেই কথাও স্পষ্টভাবে জনা নাযায় ।বহুতৰ মতে পুৰণিকালত চার্বাক নামৰ এজন ঋষি আছিল আৰু তেওঁৱেই এই দৰ্শনৰ প্রতিষ্ঠাতা । এচাম পণ্ডিতৰ মতে ‘লােক’ৰ পুত্র বৃহস্পতি হ’ল এই দৰ্শনৰ প্রতিষ্ঠাতা ।

চার্বাক শব্দৰ অৰ্থকলৈয়াে মতভেদ আছে । কোনাে কোনােৰ মতে 'চর্ব' ধাতুৰ পৰা 'চার্বাক’ শব্দৰ উৎপত্তি হৈছে । চর্ব ধাতুৰ অৰ্থ হৈছে চোবােৱা বা খােৱা । চার্বাক দর্শনে খােৱা - বােৱাক জীৱনৰ লক্ষ্য হিচাপে বিবেচনা কৰাৰ হেতু এই নাম হ'ব পাৰে বুলি তেওঁলােকে মত প্রকাশ কৰিছে । আনহাতে আন বহুতৰ মতে ‘চাৰু’ আৰু 'বাক’ শব্দ দুটাৰ পৰা চার্বাক শব্দটো আহিছে । 'চাৰু' শব্দৰ অৰ্থ হৈছে মধুৰ আৰু 'বাক’ শব্দৰ অৰ্থ কথা । সাধাৰণ মানুহৰ মন ভাল লগাব পৰা সুমধুৰ বাক্য বা কথা ব্যৱহাৰ কৰাৰ হেতু এওঁলােকক চার্বাক বােলা হয় বুলি ভবা হৈছে ।