সমললৈ যাওক

ইড্‌, ইগ' আৰু চুপাৰ ইগ'

অসমীয়া ৱিকিপিডিয়াৰ পৰা

https://commons.wikimedia.org/wiki/File:Id_ego_super_ego.jpeg

চিত্ৰ:Id ego super ego.jpeg
মই নিজে সৃষ্টি কৰা ফাইল

ইড,ইগ' আৰু চুপাৰ ইগ' হ'ল মানৱ মনৰ তিনিটা গাঠনিক উপাদান বা শক্তি। মনোবিশ্লষণৰ জনক ছিগমুণ্ড ফ্ৰয়ডে মানৱ মনক বিশ্লেষণ কৰিবলৈ গৈ পোন প্ৰথমে মনটোক তিনিটা স্তৰত ভাগ কৰিছিল।চেতন মন,প্ৰাক-চেতন মন বা অৱচেতন মন আৰু অচেতন মন।কিন্তু মানৱ মনক বিশ্লেষন কৰিবলৈ ই স্বয়ংসম্পূৰ্ণ নোহোৱা যেন অনুভৱ কৰি তেওঁ মানৱ মনক নতুনকৈ বিভাজন কৰে।এই বিভাজন আগবঢ়ায় ১৯২৩ চনত প্ৰকাশিত তেওঁৰ বিখ্যাত “The Ego and The Id” নামৰ কিতাপ খনৰ জৰিয়তে।তেওঁ কৈছিল যে মানুহৰ ব্যক্তিত্ব বা আচৰণৰ ওপৰত নিনি ধৰণৰ মানসিক শক্তিয়ে প্ৰভাৱ পেলায় আৰু এই তিনিটা শক্তি হ'ল ক্ৰমে ইড(Id),ইগ'(Ego) আৰু চুপাৰ ইগ'(Super ego)।ইডেই হৈছে মানৱ মনৰ মৌলিক স্তৰ,য'ত মানৱ মনৰ সকলোবোৰ শক্তি নিহিত হৈ থাকে।ইগ' আৰু চুপাৰ ইগ' ইডৰেই স্তৰভেদহে।ইগ' আৰু চুপাৰ ইগ'ৰ নিজা শক্তি নাই ইহঁতে ইডৰ শক্তিৰেহে জীয়াই থাকে।উল্লেখ্য যে ইড,ইগ' আৰু চুপাৰ ইগ' এই মানহৰ মনৰ গঠনক বুজিবলৈ কৰিলোৱা একো-একেটা ধাৰণাহে,এইবোৰ মগজুৰ কোনো অংশ নহয়।