সমললৈ যাওক

দ্য লাইব্ৰেৰী অব্ কংগ্ৰেছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
18:49, 18 December 2013-ত Himangshu (আলোচনা | বৰঙণি) সদস্য‌ই কৰা সংশোধন (নতুন পৃষ্ঠা: আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী ৱাশ্বিংটন ডি চিৰ কেপিটল হিল...)

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী ৱাশ্বিংটন ডি চিৰ কেপিটল হিলত (Capitol Hill) অৱস্থিত এই পুথিভঁৰালৰ মজিয়াৰ কালি ২৬.১৪ হেক্টৰ (৬৪.৬ একৰ) আৰু ইয়াত থকা কিতাপৰ ৰেকবোৰ লগ লগালে দৈর্ঘ্য হ'বগৈ ৮৬০ কিলোমিটাৰ (৫৩৫ মাইল)। আমেৰিকাৰ তত্‍কালীন ৰাষ্ট্ৰপতি টমাছ জেফাৰছনৰ (Thomas Jefferson) হাতত এই পুথিভঁৰালটোৰ সূচনা হৈছিল। জেফাৰছনে পাঁচ হাজাৰ ডলাৰ ব্যয় কৰি কেপিটল প্ৰসাদৰ (আমেৰিকাৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰধান কর্মকেন্দ্ৰ) এটা অংশত ১৮০০ চনৰ ২৪ এপ্ৰিলত এটা সৰু পুথিভঁৰাল আৰম্ভ কৰে । কেৱল কংগ্ৰেছৰ লোকেহে ব্যৱহাৰ কৰিব পাৰিছিল বাবে তাক 'লাইব্ৰেৰী অব্ কংগ্ৰেছ' নামেৰে জনা গৈছিল । ১৮১৪ চনত ইংৰাজ সৈন্যই কেপিটল প্ৰাসাদ অধিকাৰ কৰে আৰু এই পুথিভঁৰালটো পুৰি নিশ্চিহ্ন কৰি দিয়ে। অৱসৰ গ্ৰহণৰ পাচত জেফাৰছনে আকৌ এই পুথিভঁৰাল স্থাপন কৰাত আগভাগ লয় আৰু ১৮৯৭ চনত কংগ্ৰেছৰ সহযোগিতাত নতুনকৈ এই পুথিভঁৰালটো স্থাপন কৰা হয়।

'লাইব্ৰেৰী অব্ কংগ্ৰেছ'ত ২ কোটি ৯০ লাখৰো অধিক কিতাপ আছে (১৯৯৮ চনৰ পৰিসংখ্যা অনুসৰি) । সভ্যতাৰ আদি পর্বৰ পৰা অত্যাধুনিক প্ৰযুক্তিযুক্ত ('পেপিৰাছ'ত লিখা কিতাপৰ পৰা মাইক্ৰোফিল্ম) সকলো গ্ৰন্থই তাত সুৰক্ষিত হৈ আছে। অতি বিজ্ঞানসন্মতভাৱে সজাই ৰখা বাবে যেতিয়াই, যাৰ যি প্ৰয়োজন, তেওঁ মূহূর্ততে সেইটো পাব পাৰে। দৈনিক ইয়াত কিতাপৰ সংখ্যা বাঢ়িয়েই আছে। এই পুথিভঁৰালত চাৰে তিনি কোটি পাণ্ডুলিপি আৰু লিখিত দলিল সংৰক্ষণ কৰা হৈছে । তাৰ ভিতৰত আমেৰিকাৰ ৰাষ্ট্ৰপতিসকলৰ কাগছ-পত্ৰ, শিল্পীৰ পাণ্ডুলিপি আৰু ছবি, বিজ্ঞানীসকলৰ আৱিস্কাৰৰ খচৰাও আছে। তদুপৰি আছে চল্লিশ লাখ মেপ, ষাঠি লাখ গানৰ স্বৰলিপি, চিঠিপত্ৰ, বাদ্যযন্ত্ৰ, ৰেকর্ড, টেপ, কেছেট। এক কোটি ঐতিহাসিক ফটো আৰু ছবিয়েও ইয়াত স্থান পাইছে । দৈনিক বাৰশখন বিভিন্ন ভাষাৰ বাতৰিকাকত এই পুথিভঁৰালত ৰখা হয়। পুথিভঁৰালটোৰ অমূল্য সংগ্ৰহৰ ভিতৰত আছে গুটেনবার্গে ছপা কৰা প্ৰথম বাইবেল। আমেৰিকা যুক্তৰাষ্ট্ৰত যিমানবোৰ কিতাপ প্ৰকাশিত হয়, তাৰ গ্ৰন্থস্বত্ব অনুমোদন কৰাৰ ভাৰ 'লাইব্ৰেৰী অব্ কংগ্ৰেছৰ' ওপৰত। বৰদিনৰ ছুটী আৰু ১ জানুৱাৰীৰ বাহিৰে বছৰৰ আন আটাইকেইটা দিনত এই লাইব্ৰেৰী খোলা থাকে । ইয়াল অধ্যয়ন কোঠা ২৩ টা ।

উত্‍সঃ

সংক্ষিপ্ত অসমীয়া বিশ্বকোষ