সমললৈ যাওক

ভাৰতত মহিলাৰ স্বাস্থ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
A community health worker prepares a vaccine.
ভাৰতৰ ওড়িশাত ভেকচিন প্ৰস্তুত কৰি থকা অৱস্থাত সামূহিক স্বাস্থ্যকৰ্মী

ভাৰতত মহিলাৰ স্বাস্থ্যক (ইংৰাজী: Women's health in India) একাধিক সূচকৰ দ্বাৰা পৰীক্ষা কৰিব পাৰি। যেনে: ভৌগোলিক, আৰ্থ-সামাজিক অৱস্থান আৰু সাংস্কৃতিক ইত্যাদি।[1] ভাৰতৰ মহিলাসকলৰ স্বাস্থ্যৰ অৱস্থাৰ সঠিক মাপাংকন কৰিবলৈ অথবা অৱস্থা উন্নীত কৰিবলৈ তেওঁলোকৰ স্বাস্থ্যক বিশ্ব স্বাস্থ্যৰ গড় আৰু ভাৰতৰ পুৰুষৰ লগত তুলনা কৰিব লাগিব। স্বাস্থ্য হৈছে এক গুৰুত্বপূৰ্ণ কাৰক যিয়ে মানৱ কল্যাণ আৰু অৰ্থনৈতিক উত্তৰণত অৰিহণা যোগায়।[2]

ভাৰতৰ মহিলাসকল বহু স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হৈছে; যাৰ প্ৰভাৱ সামগ্ৰিক অৰ্থনীতিত পৰিছে। স্বাস্থ্যসেৱাত দৃশ্যমান হোৱা লিংগ, শ্ৰেণী বা জাতিগত বৈষম্য সমাধান কৰাটো জৰুৰী। সমান্তৰালভাৱে স্বাস্থ্যৰ ফলাফল উন্নীতকৰণৰ দিশটোৰ লগত গুণগত মানৱ মূলধন সৃষ্টি, সঞ্চয় আৰু বিনিয়োগৰ মাত্ৰা বৃদ্ধি জড়িত হৈ আছে। এইবোৰৰ সঠিক পৰ্যালোচনাই অৰ্থনৈতিক লাভত অৰিহণা যোগাব পাৰে।[2]

স্বাস্থ্যসেৱাৰ সুবিধা লাভৰ ক্ষেত্ৰত লিংগ পক্ষপাতিত্ব

[সম্পাদনা কৰক]

ৰাষ্ট্ৰসংঘই ভাৰতক মধ্যম আয়ৰ দেশ হিচাপে স্থান দিছে।[3]বিশ্ব অৰ্থনৈতিক মঞ্চৰ তথ্যই ইংগিত দিয়ে যে লিংগ বৈষম্যৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ অন্যতম দুৰ্বল দেশ।[4] ২০১১ চনৰ ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচীৰ মানৱ উন্নয়ন প্ৰতিবেদনত লিংগ বৈষম্যৰ ক্ষেত্ৰত ভাৰতক ১৮৭ খনৰ ভিতৰত ১৩২ নম্বৰ স্থান দিয়া হৈছিল। এই বহুমাত্ৰিক সূচক লিংগ বৈষম্য সূচকাংক (GII)ৰ মূল্য মাতৃৰ মৃত্যুৰ হাৰ, কিশোৰ-কিশোৰীৰ উৰ্বৰতাৰ হাৰ, শৈক্ষিক কৃতিত্ব আৰু শ্ৰমিক শক্তিৰ অংশগ্ৰহণৰ হাৰকে ধৰি বহুতো কাৰকৰ দ্বাৰা নিৰ্ধাৰিত হয়। ভাৰতত লিংগ বৈষম্যৰ কেইটামান দিশ হৈছে: মহিলাসকলৰ কম সাক্ষৰতা, শিক্ষা অব্যাহত ৰখা আৰু শ্ৰমিক শক্তিত অংশগ্ৰহণৰ কম সম্ভাৱনা।[4]

লিংগ হৈছে স্বাস্থ্যৰ অন্যতম মূল সামাজিক নিৰ্ণায়ক—য'ত সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক কাৰকসমূহো অন্তৰ্ভুক্ত—যি ভাৰতৰ মহিলাসকলৰ স্বাস্থ্যৰ ফলাফল আৰু ভাৰতত স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰাত মুখ্য ভূমিকা পালন কৰে।[5] গতিকে ভাৰতত লিংগ বৈষম্যৰ উচ্চ মাত্ৰাই মহিলাসকলৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়। অধ্যয়নসমূহে ইংগিত দিছে যে ছোৱালীৰ তুলনাত ল'ৰাসকলে স্বাস্থ্যসেৱাৰ সুবিধাৰ পৰা চিকিৎসা লাভৰ সম্ভাৱনা বেছি।[6]

ঘৰুৱা আৰু ৰাজহুৱা ক্ষেত্ৰৰ ভিতৰত সম্পদ আবণ্টন পৰীক্ষা কৰি স্বাস্থ্যসেৱাৰ সুবিধা লাভৰ ক্ষেত্ৰত লিংগই কি ভূমিকা পালন কৰে সেয়া নিৰ্ণয় কৰিব পাৰি। লিংগ বৈষম্য জন্মৰ আগতেই আৰম্ভ হয়৷ ভাৰতত মহিলাৰ গৰ্ভপাত হোৱা যৌন সম্পৰ্ক আটাইতকৈ বেছি।[7]যদি কোনো মাইকী ভ্ৰুণৰ গৰ্ভপাত নহয়, তেন্তে মাতৃৰ গৰ্ভাৱস্থা এটা মানসিক চাপৰ অভিজ্ঞতা হ'ব পাৰে, কাৰণ তেওঁৰ পৰিয়ালে পুত্ৰকহে পছন্দ কৰে।[8] একাধিক কন্যা সন্তান থকা ঘৰত ছোৱালীক পুত্ৰতকৈ কমকৈ খুওৱাৰ প্ৰৱণতা থাকে[9][10] গ্ৰাম্য আৰু দৰিদ্ৰতা আক্ৰান্ত অঞ্চলত মহিলা আৰু ছোৱালীৰ নিম্ন মৰ্যাদাৰ পৰাই মহিলাসকলে সন্মুখীন হোৱা স্বাস্থ্যজনিত বহু কাৰক উদ্ভৱ হয়।[4]

ভাৰতত নাৰীৰ নিম্ন মৰ্যাদা—আৰু পৰৱৰ্তী সময়ত নাৰীৰ বিৰুদ্ধে হোৱা বৈষম্যৰ কাৰণ বহুতো সাংস্কৃতিক নীতি-নিয়মৰ বাবে হ’ব পাৰে। পিতৃতন্ত্ৰ, স্তৰ আৰু বহুপ্ৰজন্মৰ পৰিয়ালৰ সামাজিক শক্তিসমূহে ভাৰতীয় লিংগ ভূমিকাত অৰিহণা যোগায়। পুৰুষে অধিক বিশেষাধিকাৰ আৰু উচ্চ অধিকাৰ ব্যৱহাৰ কৰি এনে এখন অসমান সমাজ সৃষ্টি কৰে য'ত মহিলাসকলৰ ক্ষমতা কম বা একেবাৰেই নাই।[11] এই সামাজিক গাঁথনিৰ উদাহৰণ ভাৰতৰ ৰাষ্ট্ৰীয় সংসদ আৰু শ্ৰমিক শক্তিৰ ভিতৰত মহিলাৰ কম অংশগ্ৰহণ । .[3]

বিবাহৰ বাধ্যবাধকতাৰ বাবেও নাৰীক এটা পৰিয়ালৰ বাবে কম গুৰুত্বপূৰ্ণ বুলি ভবা হয়। অবৈধ যদিও ভাৰতীয় সাংস্কৃতিক নীতি-নিয়মসমূহে প্ৰায়ে স্বামীৰ পৰিয়ালক যৌতুক প্ৰদান কৰিবলৈ বাধ্য কৰে। কন্যাৰ ভৱিষ্যতৰ অধিক আৰ্থিক বোজাই এনে এক ক্ষমতাভিত্তিক গাঁথনিৰ সৃষ্টি কৰে যিয়ে ঘৰখন গঠন কৰাত পুত্ৰক অনুকূল কৰে। ইয়াৰ উপৰিও মহিলাসকলক বৃদ্ধ বয়সত পিতৃ-মাতৃৰ যত্ন ল'বলৈ অক্ষম বুলি ধৰা হয়, যাৰ ফলত কন্যাতকৈ পুত্ৰৰ প্ৰতি অধিক পছন্দৰ সৃষ্টি হয়। .[12]

লিংগ বৈষম্যৰ লগত মহিলাসকলৰ স্বাস্থ্যৰ দুৰ্বলতাৰ প্ৰত্যক্ষ সম্পৰ্ক আছে।[4] বহুতো গৱেষণাৰ পৰা দেখা গৈছে যে লিংগ অনুসৰি চিকিৎসালয়ত ভৰ্তি হোৱাৰ হাৰ বহু পৰিমাণে ভিন্ন হয়৷ মহিলাতকৈ পুৰুষে বেছিকৈ চিকিৎসালয়লৈ যায়।[5] স্বাস্থ্যসেৱাৰ পাৰ্থক্যমূলক প্ৰৱেশ ঘটাৰ কাৰণটো হৈছে মহিলাসকল সাধাৰণতে কম ঘৰুৱা সম্পদৰ অধিকাৰী আৰু পুৰুষতকৈ স্বাস্থ্যসেৱাৰ সম্পদসমূহ কম পৰিমাণে ব্যৱহাৰ কৰে।[10]

অমৰ্ত্য সেনে ঘৰুৱা সম্পদ কম পোৱাৰ কাৰণ ঘৰৰ ভিতৰত তেওঁলোকৰ দুৰ্বল দৰদাম শক্তি বুলি কয়। তদুপৰি দেখা গৈছে যে ভাৰতীয় মহিলাসকলে তেওঁলোকৰ অসুস্থতাৰ বিষয়ে কমকৈ চিকিৎসালয়ত ৰিপৰ্ট দিয়ে বা জনায়। অসুস্থতাৰ কমকৈ ৰিপৰ্ট দিয়াৰ ফলত ঘৰৰ ভিতৰতে একধৰণৰ সাংস্কৃতিক নীতি আৰু লিংগ প্ৰত্যাশাৰ সৃষ্টি হ’ব পাৰে। লিংগই প্ৰসৱৰ পূৰ্বে যত্নৰ ব্যৱহাৰ আৰু প্ৰতিষেধকৰ ব্যৱহাৰতো নাটকীয়ভাৱে প্ৰভাৱ পেলায়।[5]

২০০৬ চনত চয়ৰ (Choi) এক অধ্যয়নত দেখা গৈছে যে গ্ৰাম্য অঞ্চলৰ ছোৱালীতকৈ ল’ৰাৰ প্ৰতিষেধক লোৱাৰ সম্ভাৱনা বেছি। এই তথ্যই গৱেষকসকলক বিশ্বাস কৰিবলৈ বাধ্য কৰাইছে যে শিশুৰ লিংগৰ ক্ষেত্ৰত গ্ৰাম্য অঞ্চলত বিভিন্ন মাত্ৰাৰ স্বাস্থ্যসেৱা প্ৰদান কৰা হয়।[13] ভাৰতীয় মহিলাসকলে পুৰুষতকৈ ৰাজহুৱা স্থানত যাত্ৰা কৰাত অসুবিধাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা বেছি, যাৰ ফলত সেৱা লাভ কৰাতো তেওঁলোক অধিক অসুবিধাৰ সমুখীন হয়।[14]

ভাৰতৰ স্বাস্থ্যসেৱা ব্যৱস্থাৰ সমস্যা

[সম্পাদনা কৰক]

একবিংশ শতিকাৰ প্ৰান্তত ভাৰতৰ স্বাস্থ্যসেৱা চিকিৎসক, নাৰ্ছ আৰু স্বাস্থ্যসেৱা পেছাদাৰীৰ সীমিত সংখ্যাৰ বাবে জটিল হৈ পৰিছে। স্বাস্থ্যসেৱাৰ ব্যৱস্থা চহৰ অঞ্চলত অতিশয় কেন্দ্ৰীভূত। ইয়াৰ ফলত গ্ৰাম্য অঞ্চলৰ বহু ব্যক্তিয়ে অযোগ্যজনৰ পৰা যত্ন লয় আৰু ফলাফল বেলেগ বেলেগ হয়। ইয়াৰ উপৰি দেখা গৈছে যে নিজকে চিকিৎসক বুলি দাবী কৰা বহু ব্যক্তিৰ আচলতে আনুষ্ঠানিক প্ৰশিক্ষণৰ অভাৱ। এলোপেথিক (মূলসুঁতিৰ চিকিৎসা) প্ৰদানকাৰী হিচাপে শ্ৰেণীভুক্ত প্ৰায় ২৫ শতাংশ চিকিৎসকৰ আচলতে কোনো চিকিৎসা প্ৰশিক্ষণ নাই; যি পৰিঘটনা ভৌগোলিকভাৱে ভিন্ন হয়।[15]

ভাৰতত বৰ্তমানৰ স্বাস্থ্যসেৱা ব্যৱস্থা ৰূপায়ণত দৃশ্যমান হোৱা ভৌগোলিক পক্ষপাতিত্বৰ ফলত মহিলাসকল নেতিবাচকভাৱে প্ৰভাৱিত হয়। দেশৰ সকলো স্বাস্থ্যকৰ্মীৰ ভিতৰত প্ৰায় দুই তৃতীয়াংশ পুৰুষ। বিশেষকৈ গ্ৰাম্য অঞ্চলত ইয়াৰ প্ৰভাৱ পৰে, য’ত দেখা গৈছে যে চিকিৎসকৰ ভিতৰত মাত্ৰ ৬ শতাংশহে মহিলা। ইয়াৰ অৰ্থ হ'ল গ্ৰাম্য অঞ্চলৰ প্ৰতি ১০,০০০ ব্যক্তিৰ বিপৰীতে প্ৰায় ০.৫ গৰাকী মহিলাহে এলোপেথিক চিকিৎসক।[15]

গ্ৰাম্য আৰু নগৰীয়া জনসংখ্যাৰ মাজত মাতৃৰ যত্নৰ ক্ষেত্ৰত দেখা দিয়া বৈষম্য হৈছে অতি কেন্দ্ৰীভূত নগৰীয়া চিকিৎসা ব্যৱস্থাৰ অন্যতম দিশ।।[16] ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষা (NFHS II, 1998–1999) অনুসৰি গ্ৰাম্য অঞ্চলত মাতৃৰ মৃত্যুৰ হাৰ চহৰ অঞ্চলত মাতৃৰ মৃত্যুৰ সংখ্যাৰ প্ৰায় ১৩২ শতাংশ।[16]

বৰ্তমানৰ লিংগ বৈষম্য দূৰ কৰিবলৈ ভাৰত চৰকাৰে কিছু পদক্ষেপ গ্ৰহণ কৰিছে। ১৯৯২ চনত ভাৰত চৰকাৰে মহিলাৰ বাবে ৰাষ্ট্ৰীয় আয়োগ গঠন কৰে। মহিলাসকল সন্মুখীন হোৱা বহু বৈষম্য বিশেষকৈ ধৰ্ষণ, পৰিয়াল আৰু অভিভাৱকত্বৰ দিশত দেখা দিয়া কিছু সমস্যাৰ সমাধান কৰাটো এই আয়োগৰ উদ্দেশ্য আছিল। কিন্তু ন্যায়িক ব্যৱস্থাৰ পৰিৱৰ্তনৰ কিন্তু ন্যায়িক ব্যৱস্থাৰ পৰিৱৰ্তনৰ লেহেমীয়া গতি আৰু পূৰ্বতে উল্লেখ কৰা সাংস্কৃতিক নীতি-নিয়মসমূহে সমতাক প্ৰসাৰিত কৰাৰ নীতিসমূহ সম্পূৰ্ণৰূপে গ্ৰহণ কৰাত বাধাৰ সৃষ্টি কৰিছে।[17]

২০০৫ চনত ভাৰতে ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান (NRHM) প্ৰণয়ন কৰে। ইয়াৰ কিছু প্ৰধান লক্ষ্য আছিল শিশুৰ মৃত্যুৰ হাৰ আৰু মাতৃৰ মৃত্যুৰ অনুপাত হ্ৰাস কৰা। ইয়াৰ উপৰি এই অভিযনাৰ লক্ষ্য আছিল জনস্বাস্থ্য সেৱাৰ সৰ্বজনীন প্ৰৱেশ সৃষ্টি কৰা আৰু লিংগ অনুপাতৰ মাজতো ভাৰসাম্য ৰক্ষা কৰা।[18] কিন্তু ২০১১ চনত নাইৰ আৰু পাণ্ডাই কৰা এক গৱেষণামূলক অধ্যয়নত দেখা গৈছে যে; ২০০৫ চনত এন এইচ আৰ এম প্ৰণয়নৰ পিছত ভাৰতে মাতৃৰ স্বাস্থ্যৰ কিছুমান পদক্ষেপ উন্নত কৰিবলৈ সক্ষম হৈছে যদিও দেশখন এতিয়াও বহু উদীয়মান অৰ্থনীতিতকৈ পিছ পৰি আছে।[19]

জনজাতীয় মহিলাৰ স্বাস্থ্যজনিত সমস্যা

[সম্পাদনা কৰক]

তেলেংগানাৰ আদিলাবাদৰ আদিবাসী মহিলাসকলৰ মাজত স্তনৰ গোটৰ উচ্চ প্ৰাদুৰ্ভাৱে অধিক গুৰুতৰ স্বাস্থ্যজনিত প্ৰভাৱৰ আশংকা সৃষ্টি কৰিছে। "স্তন কেন্সাৰ বা আন যিকোনো ধৰণৰ কাৰ্চিনোমা বাদ দিয়ক; গণ্ড, পৰধান, কোলাম আৰু থোট্টিৰ থলুৱা লোকসকলৰ মাজতো নিয়মীয়া স্তন সংক্ৰমণৰ বিষয়ে চৰ্চা বা আলোচনা হোৱা নাছিল।" জিলা প্ৰতিষেধক বিষয়া ডাঃ থোডছাম চাণ্ডুৱে আঙুলিয়াই দিয়ে, যি নিজেও গণ্ড আদিবাসী মূলৰ।[20]

অপুষ্টি আৰু ৰোগজনিত অৱস্থা

[সম্পাদনা কৰক]
দৰিদ্ৰতা আৰু পুষ্টিহীনতা ভাৰতীয় মহিলাসকলে সন্মুখীন হোৱা সাধাৰণ সমস্যা।

ব্যক্তিৰ সামগ্ৰিক স্বাস্থ্য আৰু স্বাস্থ্যৰ ক্ষেত্ৰত পুষ্টিয়ে মুখ্য ভূমিকা পালন কৰে৷ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ ক্ষেত্ৰত অপুষ্টিৰ প্ৰভাৱ প্ৰায়ে নাটকীয়।[21] বৰ্তমান ভাৰতত উন্নয়নশীল দেশসমূহৰ ভিতৰত অপুষ্টিকৰ মহিলাৰ হাৰ সৰ্বাধিক।[22] ২০০০ চনত কৰা এক অধ্যয়নত দেখা গৈছে যে প্ৰায় ৭০ শতাংশ অগৰ্ভৱতী মহিলা আৰু ৭৫ শতাংশ গৰ্ভৱতী মহিলাই আইৰণৰ অভাৱত ৰক্তহীনতাত ভুগে। পুষ্টিহীনতাৰ অন্যতম মূল কাৰক হৈছে খাদ্য সম্পদৰ বিতৰণৰ ক্ষেত্ৰত দৃশ্যমান হোৱা লিংগ-নিৰ্দিষ্ট নিৰ্বাচন।[21]

২০১২ চনত টাৰোজিৰ এক অধ্যয়নত দেখা গৈছে যে প্ৰাথমিক পৰ্যায়ৰ কিশোৰ-কিশোৰীৰ ক্ষেত্ৰত পুষ্টিৰ পৰিমাণ প্ৰায় সমান।[21] কিন্তু মহিলাসকল প্ৰাপ্তবয়স্ক হোৱাৰ লগে লগে পুষ্টিহীনতাৰ হাৰ বৃদ্ধি পায়।[22] তদুপৰি জোচে আৰু অন্যান্যসকলে অধ্যয়নত দেখা গৈছে যে,অবিবাহিত মহিলাৰ তুলনাত চিৰবিবাহিত মহিলাৰ অপুষ্টি বেছি।[22]

মাতৃৰ পুষ্টিহীনতাই মাতৃৰ মৃত্যুৰ সম্ভাৱনা বৃদ্ধিৰ লগতে শিশুৰ জন্মগত বিসংগতিৰ সৈতেও জড়িত বুলি ধৰা হৈছে।[22] পুষ্টিহীনতাৰ সমস্যাটো সমাধান কৰিলে মহিলা আৰু শিশুৰ বাবে ইতিবাচক ফলাফল পোৱা যাব।

স্তন কেন্সাৰ

[সম্পাদনা কৰক]

ভাৰতত স্তন কেন্সাৰত আক্ৰান্ত মহিলাৰ সংখ্যা বহু পৰিমাণে বৃদ্ধি পাইছে।[23]

স্তন কেন্সাৰ ৰোগীৰ সংখ্যা হঠাৎ বৃদ্ধি পোৱাৰ আঁৰৰ কাৰণ হৈছে দেশখনত পশ্চিমীয়াকৰণৰ মাত্ৰা বৃদ্ধি। ইয়াৰ ভিতৰত পশ্চিমীয়া খাদ্য, মহিলাৰ অধিক নগৰীয়া ঘনত্ব আৰু পৰৱৰ্তী সময়ত সন্তান জন্ম দিয়া আদি অন্তৰ্ভুক্ত যদিও সমস্যাবোৰ ইয়াৰ মাজতে সীমাবদ্ধ নহয়।[23] ভাৰতত স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনিৰ সমস্যাই মহিলাসকলৰ বাবে পৰ্যাপ্ত পৰীক্ষা আৰু প্ৰৱেশত বাধা দিয়ে৷ [23][24]২০১২ চনৰ হিচাপত ভাৰতত প্ৰশিক্ষিত কৰ্কট ৰোগ বিশেষজ্ঞ আৰু কৰ্কট কেন্দ্ৰৰ অভাৱ ঘটিছে, যাৰ ফলত স্বাস্থ্যসেৱাৰ ব্যৱস্থা অধিক জটিল হৈ পৰিছে।[23]

মাতৃৰ স্বাস্থ্য

[সম্পাদনা কৰক]

মাতৃৰ স্বাস্থ্যৰ অভাৱে ভৱিষ্যতে মাতৃ আৰু তেওঁলোকৰ সন্তানৰ মাজত অৰ্থনৈতিক বৈষম্যৰ সৃষ্টি কৰে। মাতৃৰ স্বাস্থ্যৰ দুৰ্বলতাই প্ৰায়ে শিশুৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলায় আৰু লগতে মহিলাৰ অৰ্থনৈতিক কাৰ্য্যকলাপত অংশগ্ৰহণ কৰাৰ ক্ষমতাও হ্ৰাস কৰে।[25] সেয়েহে সমগ্ৰ ভাৰতবৰ্ষৰ মহিলাসকলৰ মাতৃ স্বাস্থ্যসেৱাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান (এন আৰ এইচ এম) আৰু পৰিয়াল কল্যাণ কাৰ্যসূচীৰ দৰে ৰাষ্ট্ৰীয় স্বাস্থ্য কাৰ্যসূচী সৃষ্টি কৰা হৈছে।[25]

যোৱা দুটা দশকত ভাৰতত মাতৃৰ স্বাস্থ্যৰ নাটকীয়ভাৱে উন্নতি হৈছে যদিও বহু উন্নয়নশীল ৰাষ্ট্ৰৰ তুলনাত মাতৃৰ মৃত্যুৰ হাৰ উদ্বেগজনকভাৱে অধিক হৈয়েই আছে[25]৷ ১৯৯২ চনৰ পৰা ২০০৬ চনৰ ভিতৰত বিশ্বজুৰি হোৱা সকলো মাতৃৰ মৃত্যুৰ প্ৰায় ২০ শতাংশ ভাৰততে হৈছিল।[25] মাতৃৰ মৃত্যুৰ হাৰ অধিক হোৱাত অৰিহণা যোগোৱা কাৰকসমূহ প্ৰায়ে প্ৰসৱৰ পূৰ্বে আৰু প্ৰসৱৰ সময়ত লোৱা যত্ন (ANC:AnteNatal Care) সৈতে জড়িত। যত্ন লোৱাৰ সিদ্ধান্তত বিলম্ব, চিকিৎসা প্ৰতিষ্ঠানত বিলম্বিত উপস্থিতি আৰু গুণগত যত্নৰ ব্যৱস্থা কৰা আদি অন্তৰ্ভুক্ত।[26] স্বায়ত্ত্বশাসন আৰু সৱলীকৰণৰ সৈতে যত্ন লোৱাৰ সিদ্ধান্তৰ সম্পৰ্ক আছে৷ যিসকল মহিলাই নিজৰ পৰিয়ালৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াৰ সৈতে অধিক সক্ৰিয়ভাৱে জড়িত, তেওঁলোকে মাতৃৰ যত্নৰ সম্পদসমূহ ব্যৱহাৰ কৰিবলৈ সক্ষম হয়।[27][28] ফলত মুছলমান মহিলা আৰু যৌথ পৰিয়ালৰ মহিলাৰ বাবে এ এন চিৰ ব্যৱহাৰ কম হয়।[28] প্ৰথাই এইটোও নিৰ্দেশ দিব পাৰে যে মাতৃৰ যত্ন অপ্ৰয়োজনীয়,[28] বিশেষকৈ প্ৰথম ত্ৰৈমাসিকত য'ত এএনচি ব্যৱহাৰৰ হাৰ সৰ্বনিম্ন।[29] প্ৰতিষ্ঠানিক যত্নৰ খৰচৰ বাবে মহিলাসকলে বিকল্প যত্ন ল'বও পাৰে, যেনে: প্ৰসৱৰ সময়ত ধাই (পৰম্পৰাগত জন্ম পৰিচাৰিকা) ব্যৱহাৰ কৰা।[30][31] কম সম্পদৰ পৰিৱেশত যত্নৰ বাবে Dais বিশেষভাৱে উপযোগী বিকল্প। [32] চিকিৎসা প্ৰতিষ্ঠানত উপস্থিত হোৱাটো প্ৰায়ে দূৰত্বৰ বাবে বহুলাংশে জটিল হৈ পৰে।[28] মহিলাসকলে যাতায়াতৰ সুবিধা নাপাবও পাৰে,[27] বা প্ৰসৱ আৰম্ভ হোৱাৰ পিছত তেওঁলোকে প্ৰসৱৰ বাবে কোনো প্ৰতিষ্ঠানত উপনীত হ'ব নোৱাৰিবও পাৰে।[29] এগৰাকী মহিলাই মাতৃৰ যত্ন ল'বলৈ বাছি ল'লেও আৰু সফলতাৰে চিকিৎসাৰ সুবিধা লাভ কৰিবলৈ সক্ষম হ'লেও নিম্নমানৰ যত্নৰ ফলত বাধাৰ সৃষ্টি হ'ব পাৰে।[26] ধাত্ৰী, যোগ্য চিকিৎসক বা এম্বুলেন্সৰ দৰে সম্পদ সকলো চিকিৎসালয়তে সহজে উপলব্ধ নহয়; [33] গ্ৰাম্য অঞ্চলত এই সম্পদৰ বিশেষ অভাৱ, যাৰ ফলত চহৰ অঞ্চলৰ তুলনাত এ এন চিৰ ব্যৱহাৰ যথেষ্ট কম হয়।[27]

কিন্তু সমগ্ৰ ভাৰতবৰ্ষ বা আনকি কোনো বিশেষ ৰাজ্যতো মাতৃৰ মৃত্যুৰ হাৰ একে নহয়৷ চহৰাঞ্চলত পৰ্যাপ্ত চিকিৎসা সম্পদৰ উপলব্ধতাৰ বাবে সামগ্ৰিকভাৱে মাতৃৰ মৃত্যুৰ হাৰ কম।[25] উদাহৰণস্বৰূপে, অধিক সাক্ষৰতা আৰু বৃদ্ধিৰ হাৰ থকা ৰাজ্যত মাতৃৰ স্বাস্থ্য অধিক হোৱাৰ প্ৰৱণতা থাকে আৰু শিশুৰ মৃত্যুৰ হাৰো কম৷ গ্ৰাম্য মহিলাৰ তুলনাত চহৰাঞ্চলত মাতৃৰ যত্নৰ হাৰ অধিক বুলি জানিব পৰা গৈছে।[27][25]

এইচ আই ভি/এইডছ

[সম্পাদনা কৰক]

২০০৫ চনৰ জুলাই মাহলৈকে ভাৰতত এইচ আই ভি/এইডছ ৰোগীৰ প্ৰায় ৪০ শতাংশ মহিলাই প্ৰতিনিধিত্ব কৰে।[17] ভাৰতৰ বহু স্থানত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে৷ এই বৃদ্ধিৰ কাৰণ সাংস্কৃতিক নীতি-নিয়ম, শিক্ষাৰ অভাৱ আৰু কণ্ডমৰ দৰে গৰ্ভনিৰোধক ঔষধৰ সুবিধাৰ অভাৱ হ'ব পাৰে।[17] চৰকাৰী জনস্বাস্থ্য ব্যৱস্থাই বিনামূলীয়া এইচ আই ভি পৰীক্ষাৰ দৰে পৰ্যাপ্ত ব্যৱস্থা প্ৰদান নকৰে, যাৰ ফলত সমস্যাটো আৰু অধিক ভয়াৱহ হৈ পৰে।[34]

সাংস্কৃতিক দিশসমূহেও এইচ আই ভি সংক্ৰমণৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি কৰে। এগৰাকী মহিলাই পুৰুষে কণ্ডম ব্যৱহাৰ কৰিবলৈ জোৰ দিয়াটোৱে তেওঁৰ ফালৰ পৰা যৌন সম্পৰ্ক স্থাপনৰ ইংগিত দিব পাৰে, আৰু এইদৰে যৌন সম্পৰ্কৰ সময়ত সুৰক্ষামূলক বাধাৰ ব্যৱহাৰত হেঙাৰৰ সৃষ্টি কৰিব পাৰে। তদুপৰি মহিলাসকলৰ মাজত গৰ্ভনিৰোধৰ অন্যতম প্ৰধান পদ্ধতি ঐতিহাসিকভাৱে হৈছে বন্ধ্যাকৰণ, যিয়ে এইচ আই ভি সংক্ৰমণৰ পৰা সুৰক্ষা প্ৰদান নকৰে।[35]

বৰ্তমান এইচ আই ভি/এইডছত মৃত্যুৰ হাৰ পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত বেছি।[34] ভাৰতৰ মহিলা স্বাস্থ্যৰ অন্যান্য ৰূপৰ দৰেই এই বৈষম্যৰ কাৰণ বহুমাত্ৰিক। নিৰক্ষৰতাৰ হাৰ অধিক আৰু পুৰুষৰ ওপৰত অৰ্থনৈতিক নিৰ্ভৰশীলতাৰ বাবে পুৰুষৰ তুলনাত মহিলাসকলক চিকিৎসালয়লৈ লৈ যোৱা বা স্বাস্থ্যজনিত প্ৰয়োজনীয়তাৰ বাবে চিকিৎসা সেৱা লাভ কৰাৰ সম্ভাৱনা কম।[34] ইয়াৰ ফলত মহিলাসকলে এইচ আই ভিৰ সৈতে জড়িত জটিলতাত ভুগি থকাৰ অধিক আশংকা সৃষ্টি কৰে।[34] মহিলাৰ এইচ আই ভি/এইডছ সংক্ৰমণৰ উপস্থিতিৰ ফলত বিবাহৰ সম্ভাৱনা কম বা একেবাৰেই নাথাকিব পাৰে বুলিও প্ৰমাণ পোৱা গৈছে, যিয়ে এইচ আই ভি/এইডছত আক্ৰান্ত মহিলাসকলৰ বাবে অধিক অপবাদৰ সৃষ্টি কৰে।

প্ৰজনন অধিকাৰ

[সম্পাদনা কৰক]
মাতৃ স্বাস্থ্য: কেৰালাৰ মহিলাসকলৰ বাবে অভিভাৱক সজাগতা শ্ৰেণী

ভাৰতে ১৯৭০ চনৰ আৰম্ভণিতে আইন প্ৰণয়নৰ জৰিয়তে গৰ্ভপাতক বৈধতা প্ৰদান কৰে।[36]কিন্তু চহৰসমূহত ইয়াৰ প্ৰসাৰ সীমিত হৈয়েই আছে। ২০ শতাংশতকৈও কম স্বাস্থ্যসেৱা কেন্দ্ৰই গৰ্ভপাতৰ বাবে প্ৰয়োজনীয় সেৱা আগবঢ়াবলৈ সক্ষম হয়। বৰ্তমানৰ অভাৱৰ ভিতৰত চিকিৎসক আৰু এই পদ্ধতি সম্পন্ন কৰিবলৈ সঁজুলিৰ অভাৱ অন্যতম।[36]

ভাৰতত গৰ্ভপাত কৰা আটাইতকৈ সাধাৰণ ভ্ৰুণটো হৈছে কন্যা।[7] কন্যা ভ্ৰুণৰ গৰ্ভপাতত অসংখ্য কাৰকে অৰিহণা যোগায়। উদাহৰণস্বৰূপে, যিসকল মহিলা উচ্চ শিক্ষিত আৰু যিসকলে প্ৰথমতে কন্যা সন্তান জন্ম দিছিল, তেওঁলোকে কন্যা সন্তানক গৰ্ভপাত কৰাৰ সম্ভাৱনা বেছি।[7] লিংগ নিৰ্বাচন কৰি সম্পন্ন কৰা গৰ্ভপাতৰ কাৰ্যই পুৰুষ আৰু মহিলাৰ অনুপাত তিৰ্যক হোৱাত অৰিহণা যোগাইছে। ২০১১ চনৰ লোকপিয়ল অনুসৰি ০–৬ বছৰ বয়সৰ শিশুৰ লিংগ অনুপাত ল'ৰাকেন্দ্ৰিক হোৱাৰ ধাৰা অধিক।[21]

ভাৰতত কন্যাতকৈ পুত্ৰক অগ্ৰাধিকাৰ দিয়াটো সামাজিক, অৰ্থনৈতিক আৰু ধৰ্মীয় কাৰণত গঢ় লৈ উঠিছে।[12] নাৰীৰ জীৱিকাহীনতাৰ মৰ্যাদাৰ বাবে সমাজত তেওঁলোকৰ মূল্য কম বুলি প্ৰায়ে বিশ্বাস কৰা হয়।[21] আৰ্থিক সহায়, বৃদ্ধাৱস্থাৰ নিৰাপত্তা, সম্পত্তিৰ উত্তৰাধিকাৰ, যৌতুক আৰু ধৰ্মীয় কৰ্তব্যক কেন্দ্ৰ কৰি গা কৰি উঠা বিশ্বাসসমূহে কন্যাতকৈ পুত্ৰক অগ্ৰাধিকাৰ দিয়াত অৰিহণা যোগায়।[12] পুত্ৰক পছন্দ কৰাৰ আঁৰৰ এটা মূল কাৰণ হ'ল কন্যাৰ বাবে দৰা বিচৰাৰ সম্ভাৱ্য বোজা।[12] ভাৰতৰ ছোৱালীৰ পৰিয়ালে কন্যাক বিয়া পাতিবলৈ প্ৰায়ে যৌতুক আৰু বিবাহৰ লগত জড়িত সকলো খৰচ দিবলগীয়া হয়, যাৰ ফলত কন্যা সন্তান জন্ম দিয়াৰ লগত জড়িত খৰচ বৃদ্ধি পায়।[12]

হৃদযন্ত্ৰৰ স্বাস্থ্য

[সম্পাদনা কৰক]

ভাৰতত মহিলাৰ মৃত্যুৰ ক্ষেত্ৰত হৃদযন্ত্ৰৰ ৰোগে প্ৰধান অৰিহণা যোগায়।[37] বিশ্বৰ হৃদৰোগৰ বোজা ৬০% ভাৰতীয়সকলে কঢ়িয়ায়। ভাৰতীয় মহিলাসকলৰ হৃদৰোগৰ ফলত মৃত্যুৰ হাৰ বিশেষভাৱে অধিক আৰু ভাৰতীয় হৃদযন্ত্ৰ সংস্থাৰ দৰে বেচৰকাৰী অনুষ্ঠানে এই বিষয়ত সজাগতা সৃষ্টি কৰি আহিছে।[38] ভাৰতত পুৰুষতকৈ মহিলাৰ হৃদযন্ত্ৰৰ ৰোগৰ সৈতে জড়িত মৃত্যুৰ হাৰ বেছি-কাৰণ লিংগৰ মাজত স্বাস্থ্যসেৱাৰ পাৰ্থক্য আছে।[39] দেখা গৈছে যে জন্মগত হৃদৰোগ থকা ৰোগীৰ মাজত পুৰুষতকৈ মহিলাৰ অস্ত্ৰোপচাৰৰ সম্ভাৱনা কম কাৰণ পৰিয়ালসমূহে অনুভৱ কৰিছিল যে অস্ত্ৰোপচাৰৰ ফলত সৃষ্টি হোৱা দাগে মহিলাসকলৰ বিবাহযোগ্যতা কমাব।[40]

তদুপৰি নেতিবাচক চিকিৎসা ইতিহাসৰ সৈতে জড়িত অপবাদৰ ফলত পৰিয়ালসমূহে নিজৰ কন্যাৰ চিকিৎসা বিচৰাত ব্যৰ্থ হোৱা দেখা গৈছিল। ২০১১ চনত পেডনেকাৰ আৰু অন্যান্যসকলে কৰা এক অধ্যয়নত দেখা গ'ল যে জন্মগত হৃদৰোগ থকা ১০০জন ল'ৰা আৰু ছোৱালীৰ ভিতৰত ৭০জন ল'ৰাৰ অস্ত্ৰোপচাৰ হ'ব৷ তাৰ পৰিৱৰ্তে মাত্ৰ ২২জন ছোৱালীয়েহে একেধৰণৰ চিকিৎসা লাভ কৰিব।[40]

এই পাৰ্থক্যৰ প্ৰধান চালকৰ কাৰণ হৈছে সাংস্কৃতিক মানদণ্ড যিয়ে মহিলাসকলক তেওঁলোকৰ সংগী নিৰ্বাচনত কম সুবিধা প্ৰদান কৰে। পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলে ঘৰ-বাৰীত যুৱতীসকলৰ বাবে উপযুক্ত স্বামী বিচাৰি উলিয়াব লাগিব। যদি মহিলাসকলৰ পূৰ্বৰ চিকিৎসাৰ প্ৰতিকূল ইতিহাস থকা বুলি জনা যায় তেন্তে তেওঁলোকৰ সংগী বিচাৰি পোৱাৰ ক্ষমতা বহু পৰিমাণে হ্ৰাস পায়। এই পাৰ্থক্যৰ ফলত পুৰুষ আৰু মহিলাৰ স্বাস্থ্যৰ ফলাফল ভিন্ন হয়।[40]

মানসিক স্বাস্থ্য

[সম্পাদনা কৰক]

মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত হতাশা, মানসিক চাপ আৰু আত্ম-মূল্যৰ মাপাংকনকে ধৰি বহু বহল পৰিসৰ থাকে। ভাৰতত মহিলাসকলৰ মাজত মানসিক স্বাস্থ্যজনিত বিকাৰৰ প্ৰাদুৰ্ভাৱত অসংখ্য কাৰকে প্ৰভাৱ পেলায়; য’ত বয়সস্থ, কম শিক্ষাৰ অৰ্হতা, ঘৰত সন্তান কম হোৱা, দৰমহা পোৱা কৰ্মসংস্থাপনৰ অভাৱ আৰু পত্নীৰ অত্যধিক মদ্যপান আদি অন্যতম। লিংগৰ লগত জড়িত অসুবিধাই মানসিক স্বাস্থ্যজনিত বিকাৰৰ সম্ভাৱনা বৃদ্ধি কৰে বুলিও প্ৰমাণ পোৱা গৈছে। যিসকল মহিলাই পুৰুষে মহিলা সংগীৰ বিৰুদ্ধে হিংসা ব্যৱহাৰ কৰাটো গ্ৰহণযোগ্য বুলি বিবেচনা কৰে, তেওঁলোকে হয়তো নিজকে পুৰুষতকৈ কম মূল্যৱান বুলি ভাবে। ইয়াৰ ফলত মহিলাসকলে বিভিন্ন মানসিক বিকাৰৰ সৈতে মোকাবিলা কৰিবলগীয়া স্বাস্থ্যসেৱাক কমকৈ সহায় লোৱাৰ প্ৰৱণতা থাকে।[41]

কম আয়ৰ দেশৰ মহিলাসকলক অসমতাপূৰ্ণভাৱে প্ৰভাৱিত কৰা অন্যতম সাধাৰণ বিকাৰ হ'ল হতাশা।[42] ভাৰতীয় মহিলাসকল ভাৰতীয় পুৰুষতকৈ অধিক হাৰত হতাশাত ভুগিছে।[43] অধিক মাত্ৰাত দৰিদ্ৰতা আৰু লিংগ অসুবিধাৰ সন্মুখীন হোৱা ভাৰতীয় মহিলাসকলৰ মাজত হতাশাৰ হাৰ অধিক।[43] আন্তঃব্যক্তিগত সম্পৰ্কৰ সৈতে জড়িত অসুবিধাসমূহ (বেছিভাগেই বৈবাহিক সম্পৰ্ক) আৰু অৰ্থনৈতিক বৈষম্যক হতাশাৰ মূল সামাজিক চালক হিচাপে উল্লেখ কৰা হৈছে।[43]

দেখা গৈছে যে ভাৰতীয় মহিলাসকলে সাধাৰণতে হতাশাৰ লক্ষণসমূহৰ সূচনা কৰা আৱেগিক আৰু মানসিক চাপৰ পৰিৱৰ্তে দেহগত লক্ষণসমূহৰ বৰ্ণনা কৰে।[43] ইয়াৰ ফলত ভাৰতৰ মহিলাসকলৰ মাজত হতাশাৰ সঠিক মূল্যায়ন কৰাটো প্ৰায়ে কঠিন হৈ পৰে।[43] প্ৰসৱৰ পিছৰ দেখা দিয়া হতাশাত লিংগই মুখ্য ভূমিকা পালন কৰে। ছোৱালী সন্তান জন্মৰ বাবে প্ৰায়ে মাতৃক দোষাৰোপ কৰা হয়। ইয়াৰ উপৰিও যিসকল মহিলাৰ ইতিমধ্যে কন্যা সন্তান আছে, তেওঁলোকে প্ৰায়ে ল'ৰা সন্তান জন্ম দিয়াৰ বাবে অতিৰিক্ত চাপৰ সন্মুখীন হয়-যাৰ ফলত তেওঁলোকৰ সামগ্ৰিক মানসিক চাপৰ মাত্ৰা বৃদ্ধি হয়।[43]

ভাৰতত মহিলাৰ স্কিজ'ফ্ৰেনিয়াৰ আৰম্ভণি পুৰুষতকৈ কম।[44] কিন্তু মহিলা আৰু পুৰুষে সন্মুখীন হ'বলগীয়া সংশ্লিষ্ট অপবাদৰ ক্ষেত্ৰত পাৰ্থক্য বিৰাজমান।[44] পুৰুষসকলে বৃত্তিগত কাৰ্যকলাপত ক্ষতিগ্ৰস্ত হোৱাৰ প্ৰৱণতা থাকে৷ আনহাতে মহিলাসকলে বৈবাহিক কাৰ্যকলাপত ক্ষতিগ্ৰস্ত হয়।[44] আৰম্ভণিৰ সময়েও স্কিজ'ফ্ৰেনিয়াৰ অপবাদকৰণত ভূমিকা পালন কৰে।[44] মহিলাসকলৰ জীৱনৰ পিছৰ কালছোৱাত (প্ৰায়ে সন্তান জন্মৰ পিছত) স্কিজ'ফ্ৰেনিয়া ধৰা পৰে।[44] শিশুসকলক প্ৰায়ে অসুস্থ মাতৃৰ যত্নৰ পৰা আঁতৰাই দিয়া হয়, যাৰ ফলত আৰু অধিক দুখৰ সৃষ্টি হ'ব পাৰে।[44]

আত্মহত্যা

[সম্পাদনা কৰক]

ভাৰতীয় মহিলাৰ আত্মহত্যাৰ হাৰ বেছিভাগ উন্নত দেশতকৈ বেছি।[45] ভাৰতত মহিলাৰ আত্মহত্যাৰ হাৰো পুৰুষৰ তুলনাত বেছি।[45] মহিলাৰ আত্মহত্যাৰ আটাইতকৈ সাধাৰণ কাৰণসমূহ হতাশা, উদ্বেগ, লিংগ অসুবিধা আৰু ঘৰুৱা হিংসাৰ সৈতে জড়িত যন্ত্ৰণাৰ লগত প্ৰত্যক্ষভাৱে সম্পৰ্কিত।[45]

সমগ্ৰ ভাৰত আৰু দক্ষিণ এছিয়াৰ বহু অংশত পোৱা আত্মহত্যাৰ উচ্চ হাৰ লিংগকেন্দ্ৰিক জটিলতাত সৈতে জড়িত।[45] লৈংগিক জটিলতা প্ৰায়ে মহিলাৰ প্ৰতি ঘৰুৱা হিংসাৰ জৰিয়তে প্ৰকাশ কৰা হয়। ভাৰতৰ মহিলা যৌনকৰ্মীসকলৰ মাজত আত্মহত্যাৰ হাৰ বিশেষভাৱে বেছি, যিসকলে নিজৰ লিংগ আৰু কৰ্মক্ষেত্ৰৰ বাবে অসংখ্য পৰিমাণৰ বৈষম্যৰ সন্মুখীন হয়।[45]

ঘৰুৱা হিংসা

[সম্পাদনা কৰক]
Women at work in India.
ভাৰতত শ্ৰমিক শক্তিত থকা মহিলাসকল ঘৰুৱা হিংসাৰ বলি হোৱাৰ আশংকা প্ৰায়ে অধিক[11]

ঘৰুৱা হিংসা ভাৰতৰ এটা গুৰুত্বপূৰ্ণ সমস্যা। ঘৰুৱা হিংসা—মহিলাৰ বিৰুদ্ধে শাৰীৰিক, মানসিক আৰু যৌন হিংসাৰ কাৰ্য্য৷ ই সমগ্ৰ বিশ্বতে দৃষ্টিগোচৰ হয় আৰু বৰ্তমান বিশ্ব স্বাস্থ্য সংস্থাই ইয়াক এক অদৃশ্যমান মহামাৰী হিচাপে গ্ৰহণ কৰিছে।[11] ঘৰুৱা হিংসাৰ প্ৰাদুৰ্ভাৱ থকা দেশসমূহৰ অৰ্থনীতিত মহিলাৰ শ্ৰমিক শক্তিত অংশগ্ৰহণৰ হাৰ কম হোৱাৰ উপৰি চিকিৎসা ব্যয় অধিক আৰু অক্ষমতাৰ হাৰ অধিক।[11] ভাৰতীয় মহিলাসকলৰ প্ৰায় এক তৃতীয়াংশই তেওঁলোকৰ প্ৰাপ্তবয়স্ক বয়সত অন্তৰংগ সংগীৰ পৰা হিংসা (IPV:Intimate Partner Violence)ৰ সন্মুখীন হয়।[46]

ভাৰতত ঘৰুৱা হিংসাৰ প্ৰাদুৰ্ভাৱ পিতৃতন্ত্ৰ, স্তৰবৃত্ত আৰু বহুপ্ৰজন্মৰ পৰিয়ালৰ সাংস্কৃতিক নীতিৰ সৈতে জড়িত।[11] পুৰুষতন্ত্ৰৰ আধিপত্য তেতিয়া হয় যেতিয়া পুৰুষে উচ্চ অধিকাৰ, বিশেষাধিকাৰ আৰু ক্ষমতা ব্যৱহাৰ কৰি এনে এক সামাজিক ব্যৱস্থা সৃষ্টি কৰে যিয়ে নাৰী আৰু পুৰুষক লিংগৰ ভিন্ন ভূমিকা প্ৰদান কৰে।[11] ইয়াৰ ফলত সৃষ্টি হোৱা ক্ষমতাৰ গাঁথনিয়ে নাৰীক ঘৰুৱা হিংসাত শক্তিহীন কৰি তোলে। পুৰুষে ঘৰুৱা হিংসাক আচৰণ নিয়ন্ত্ৰণৰ উপায় হিচাপে ব্যৱহাৰ কৰে।[11]

২০০৫-২০০৬ চনৰ ভাৰত National Family Health Survey IIIত সকলো মহিলাৰ ৩১ শতাংশই সমীক্ষাৰ পূৰ্বৰ বিগত ১২ মাহত শাৰীৰিক হিংসাৰ বলি হোৱা বুলি কয়। কিন্তু প্ৰকৃততে ভুক্তভোগীৰ সংখ্যা বহুত বেছিও হ'ব পাৰে।[11]ঘৰুৱা হিংসাৰ বলি হোৱা মহিলাসকলে কমকৈ ৰিপৰ্ট কৰিব পাৰে বা ৰিপৰ্ট নকৰিবও পাৰে। ইয়াৰ কাৰণ হ'ব পাৰে মহিলাসকলে স্বামীৰ অধীন হোৱাৰ লগত জড়িত সাংস্কৃতিক নীতি-নিয়মৰ পৰা উদ্ভৱ হোৱা লাজ বা লাজৰ অনুভূতি।[11] তদুপৰি পৰিয়ালৰ সন্মান ৰক্ষাৰ বাবে মহিলাসকলে কমকৈ ৰিপৰ্ট দিয়াৰ প্ৰৱণতা থাকে।[11]

২০০৫-২০০৬ চনৰ ভাৰত ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য জৰীপ তৃতীয়ৰ তথ্য ব্যৱহাৰ কৰি Kimunaই ২০১২ চনত সম্পন্ন কৰা এক অধ্যয়নত দেখা গৈছে যে ঘৰুৱা হিংসাৰ হাৰ বহুতো সমাজবিজ্ঞান, ভৌগোলিক আৰু অৰ্থনৈতিক পদক্ষেপৰ মাজত ভিন্ন।[11] অধ্যয়নটোত দেখা গৈছে যে মধ্যম আৰু উচ্চ আয়ৰ মহিলাসকলৰ ভিতৰত আটাইতকৈ দৰিদ্ৰ মহিলাৰ অৱস্থা সবাতোকৈ বেয়া।[11] গৱেষকসকলৰ মতে ঘৰুৱা হিংসাৰ হাৰ অধিক হোৱাৰ কাৰণ হৈছে দৰিদ্ৰতাৰ ফলত হোৱা অত্যধিক পাৰিবাৰিক হেঁচা। ইয়াৰ উপৰি অধ্যয়নটোত দেখা গৈছে যে শ্ৰমিক শক্তিৰ অংশ হোৱা মহিলাসকলে অধিক ঘৰুৱা হিংসাৰ সন্মুখীন হয়। গৱেষকসকলৰ মতে, শ্ৰমিক মহিলাসকলে ভাৰতীয় পৰিয়ালৰ ভিতৰত পিতৃতান্ত্ৰিক ক্ষমতা ব্যৱস্থাটোক বিচলিত কৰি তুলিব পাৰে।[11]

মহিলাৰ উপাৰ্জনৰ সম্ভাৱনা আৰু স্বাধীনতাক ভাবুকি বুলি পুৰুষে গণ্য কৰিব পাৰে আৰু লিংগ ক্ষমতাৰ গাঁথনিটো তেওঁলোকৰ পক্ষলৈ ঘূৰাই আনিবলৈ হিংসাত্মক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰে।[11] নাৰীৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ লগত জড়িত অন্যতম বৃহৎ কাৰক আছিল ঘৰৰ ভিতৰত পুৰুষে কৰা মদ্যপানৰ প্ৰাদুৰ্ভাৱ। ২০০৫ চনত প্ৰদীপ পাণ্ডা আৰু বীনা আগৰৱালে কৰা এক অধ্যয়নত দেখা গৈছে যে মহিলাৰ স্থাৱৰ সম্পত্তিৰ মালিকীস্বত্বৰ লগে লগে মহিলাৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ প্ৰাদুৰ্ভাৱ বহু পৰিমাণে হ্ৰাস পায়, য'ত মাটি আৰু গৃহ নিৰ্মাণো অন্তৰ্ভুক্ত।[47]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Chatterjee, A, and VP Paily (2011). jsessionid=A23A846362BA06FFA44116459030519C.d03t04 "Achieving Millennium Development Goals 4 and 5 in India.". BJOG খণ্ড 118: 47–59. doi:10.1111/j.1471-0528.2011.03112.x. PMID 21951502. http://onlinelibrary.wiley.com/doi/10.1111/j.14710528.2011.03112.x/abstract; jsessionid=A23A846362BA06FFA44116459030519C.d03t04. 
  2. 2.0 2.1 Ariana, Proochista and Arif Naveed. An Introduction to the Human Development Capability Approach: Freedom and Agency. London: Earthscan, 2009. 228-245. Print.
  3. 3.0 3.1 United Nations. "Sustainability and Equity: A Better Future for All." Human Development Report 2011. (2011): n. page. Web. 12 April 2013.
  4. 4.0 4.1 4.2 4.3 Raj, Anita (2011). "Gender equity and universal health coverage in India". Lancet খণ্ড 377 (9766): 618–619. doi:10.1016/s0140-6736(10)62112-5. PMID 21227498. 
  5. 5.0 5.1 5.2 Balarajan, Y; Selvaraj, S (2011). "Health care and equity in India". Lancet খণ্ড 377 (9764): 505–15. doi:10.1016/s0140-6736(10)61894-6. PMID 21227492. 
  6. Pandey, Aparna; Sengupta, Priya Gopal; Mondal, Sujit Kumar; Gupta, Dhirendra Nath; Manna, Byomkesh; Ghosh, Subrata; Sur, Dipika; Bhattacharya, S.K. (2002). "Gender Differences in Healthcare-seeking during Common Illnesses in a Rural Community of West Bengal, India". Journal of Health, Population, and Nutrition খণ্ড 20 (4): 306–311. PMID 12659410. 
  7. 7.0 7.1 7.2 Raj, Anita (2011). "Sex selected abortion in India". Lancet খণ্ড 378 (9798): 1217–1218. doi:10.1016/s0140-6736(11)61535-3. PMID 21962555. 
  8. Patel, Vikram; Rodrigues, Merlyn (2002). "Gender, Poverty and Postnatal Depression: A Study of Mothers in Goa India". Am J Psychiatry খণ্ড 159 (1): 43–47. doi:10.1176/appi.ajp.159.1.43. PMID 11772688. 
  9. Khera, R; Jain, S; Lodha, R; Ramakrishnan, S (April 2014). "Gender bias in child care and child health: global patterns.". Archives of Disease in Childhood খণ্ড 99 (4): 369–74. doi:10.1136/archdischild-2013-303889. PMID 24344176. 
  10. 10.0 10.1 Sen, Gita; Iyer, Aditi (2012). "Who gains, who loses and how: Leveraging gender and class intersections to secure health entitlements". Social Science and Medicine খণ্ড 74 (11): 1802–1811. doi:10.1016/j.socscimed.2011.05.035. PMID 21741737. 
  11. 11.00 11.01 11.02 11.03 11.04 11.05 11.06 11.07 11.08 11.09 11.10 11.11 11.12 11.13 Kimuna, Sitawa; Yanyi, Djamba (2012). "Domestic Violence in India: Insights From the 2005—2006 National Family Health Survey". Journal of Interpersonal Violence খণ্ড 28 (4): 773–807. doi:10.1177/0886260512455867. PMID 22935947. 
  12. 12.0 12.1 12.2 12.3 12.4 Singh, Ashish (2012). "Gender based within-household inequality in childhood immunisation in India: changes over time and across regions". PLOS ONE খণ্ড 7 (4): e35045. doi:10.1371/journal.pone.0035045. PMID 22509379. 
  13. Choi, Jin; Lee, Sang-Hyop (2006). "Does prenatal care increase access to child immunisations? Gender bias among children in India". Social Science and Medicine খণ্ড 63 (1): 107–17. doi:10.1016/j.socscimed.2005.11.063. PMID 16443313. 
  14. Mechakra-Tahiri, Samia; Freeman, Ellen (2012). "The gender gap in mobility: A global cross-sectional study". BMC Public Health খণ্ড 12: 598. doi:10.1186/1471-2458-12-598. PMID 22856611. 
  15. 15.0 15.1 Rao, Mohan; Rao, Krishna (2011). "Human resources for health in India". Lancet খণ্ড 377 (9765): 587–98. doi:10.1016/s0140-6736(10)61888-0. PMID 21227499. 
  16. 16.0 16.1 Adamson, Paul; Krupp, Karl (2012). "Are marginalised women being left behind? A population-based study of institutional deliveries in Karnataka, India". BMC Public Health খণ্ড 12: 30. doi:10.1186/1471-2458-12-30. PMID 22240002. 
  17. 17.0 17.1 17.2 Doshi, Sonal; Gandhi, Bindi (2008). "Women in India: The Context and Impact of HIV/AIDS". Journal of Human Behavior in the Social Environment খণ্ড 17 (3–4): 413–442. doi:10.1080/10911350802068300. 
  18. Ministry of Health and Family Welfare, . "About NHRM." Archived 23 September 2011 at the Wayback Machine National Rural Health Mission. Government of India. Web. 28 April 2013.
  19. Nair, Harish; Panda, Rajmohan (2011). "Quality of maternal healthcare in India: Has the rural health mission made a difference". Journal of Global Health খণ্ড 1 (1): 79–86. PMID 23198105. 
  20. Singh, S. Harpal (13 April 2015). "Survey of tribal women shows up breast abnormalities". The Hindu. https://www.thehindu.com/news/national/tamil-nadu/survey-of-tribal-women-shows-up-breast-abnormalities/article7096809.ece. 
  21. 21.0 21.1 21.2 21.3 21.4 Tarozzi, Alessandro (2012). "Some Facts about Boy versus Girl Health Indicators in India: 1992—2005". CESifo Economic Studies খণ্ড 58 (2): 296–321. doi:10.1093/cesifo/ifs013. http://cesifo.oxfordjournals.org/content/58/2/296. 
  22. 22.0 22.1 22.2 22.3 Jose, Sunny, and K Navaneetham. "A Factsheet on Women's Malnutrtion in India." Economic and Political Weekly. 43.33 (2008): 61-67. Web. 21 February 2013.
  23. 23.0 23.1 23.2 23.3 Shetty, Anita (2012). "India faces growing breast cancer epidemic". Lancet খণ্ড 378 (9820): 992–993. doi:10.1016/s0140-6736(12)60415-2. PMID 22432152. 
  24. Thorat, Mangesh (2012). "Tackling breast cancer in India". Lancet খণ্ড 379 (9834): 2340–2341. doi:10.1016/s0140-6736(12)61017-4. PMID 22726513. 
  25. 25.0 25.1 25.2 25.3 25.4 25.5 Pathak, Praveen (2010). "Economic Inequalities in Maternal Health Care: Prenatal Care and Skilled Birth Attendance in India, 1992-2006". PLOS ONE খণ্ড 5 (10): 1–17. doi:10.1371/journal.pone.0013593. PMID 21048964. 
  26. 26.0 26.1 Thaddeus, S.; Maine, D. (July 1991). "Too far to walk: maternal mortality in context". Newsletter (Women's Global Network on Reproductive Rights) (36): 22–24. PMID 12284530. 
  27. 27.0 27.1 27.2 27.3 Matthews, Zoe. "Village in the City: Autonomy and Maternal Health-Seeking Among Slum Populations of Mumbai". Collected Papers on Gender Using DHS Data: 69–92. https://www.dhsprogram.com/pubs/pdf/OD32/OD32.pdf#page=75. 
  28. 28.0 28.1 28.2 28.3 Badge, Vijay Loknath; Pandey, Minal; Solanki, Mridula J.; Shinde, Ratnendra Ramesh (2016). "A cross-sectional study of migrant women with reference to their antenatal care services utilization and delivery practices in an urban slum of Mumbai". Journal of Family Medicine and Primary Care খণ্ড 5 (4): 759–764. doi:10.4103/2249-4863.201157. ISSN 2249-4863. PMID 28348986. 
  29. 29.0 29.1 Das, Sushmita; Bapat, Ujwala; More, Neena Shah; Chordhekar, Latika; Joshi, Wasundhara; Osrin, David (2010-07-30). "Prospective study of determinants and costs of home births in Mumbai slums". BMC Pregnancy and Childbirth খণ্ড 10 (1): 38. doi:10.1186/1471-2393-10-38. ISSN 1471-2393. PMID 20670456. 
  30. Stephens, Carolyn (1992). "Training Urban Traditional Birth Attendants: Balancing International Policy and Local Reality". Social Science & Medicine খণ্ড 35 (6): 811–817. doi:10.1016/0277-9536(92)90081-Z. 
  31. Garg, Suneela; Singh, M. M.; Agarwal, Paras (2007-07-01). "Maternal health-care utilization among women in an urban slum in Delhi". Indian Journal of Community Medicine খণ্ড 32 (3): 203. doi:10.4103/0970-0218.36829. ISSN 0970-0218. 
  32. Hussein, J.; Newlands, D.; D'Ambruoso, L.; Thaver, I.; Talukder, R.; Besana, G. (February 2010). "Identifying practices and ideas to improve the implementation of maternal mortality reduction programmes: findings from five South Asian countries". BJOG: An International Journal of Obstetrics and Gynaecology খণ্ড 117 (3): 304–313. doi:10.1111/j.1471-0528.2009.02457.x. ISSN 1471-0528. PMID 20015302. 
  33. Bhate-Deosthali, Padma; Khatri, Ritu; Wagle, Suchitra (2011-01-01). "Poor standards of care in small, private hospitals in Maharashtra, India: implications for public–private partnerships for maternity care". Reproductive Health Matters খণ্ড 19 (37): 32–41. doi:10.1016/S0968-8080(11)37560-X. ISSN 0968-8080. PMID 21555084. 
  34. 34.0 34.1 34.2 34.3 Pallikadavath, Saseeendran; Stones, R (2003). "Women's Reproductive Health Security and HIV/AIDS in India". Economic and Political Weekly খণ্ড 38 (39): 4173–4181. 
  35. Steinbrook, Robert (2007). "HIV in India--A Complex Epidemic". New England Journal of Medicine খণ্ড 356 (11): 1089–93. doi:10.1056/nejmp078009. PMID 17360986. 
  36. 36.0 36.1 Grimes, David; Benson, Janie (2006). "Unsafe abortion: the preventable pandemic". Lancet খণ্ড 368 (9550): 1908–1919. doi:10.1016/s0140-6736(06)69481-6. PMID 17126724. 
  37. Chow, Clara; Patel, Anushka (2012). "Women's cardiovascular health in India". Heart খণ্ড 98 (6): 456–459. doi:10.1136/heartjnl-2011-300957. PMID 22217546. http://heart.bmj.com/content/98/6/456.full.pdf. 
  38. Indian Heart Association Why South Asians Facts 26 April 2015.
  39. Ramakrishnan, Sivasubramanian; Khera, Rohan (2011). "Gender differences in the utilisation of surgery for congenital heart disease in India". Heart খণ্ড 97 (23): 1920–1925. doi:10.1136/hrt.2011.224410. PMID 21653217. 
  40. 40.0 40.1 40.2 Pednekar, Mangesh; Gupta, Rajeev (2011). "Illiteracy, low educational status, and cardiovascular mortality in India". BMC Public Health খণ্ড 11: 567. doi:10.1186/1471-2458-11-567. PMID 21756367. 
  41. Nayak, Madhabika; Patel, Vikram (2010). "Partner alcohol use, violence and women". British Journal of Psychiatry খণ্ড 196 (3): 192–199. doi:10.1192/bjp.bp.109.068049. PMID 20194540. 
  42. Marcus, Marina, Yasamy M, et al. "Depression: a global public health concern." World Federation of Mental Health. 6-8. PDF
  43. 43.0 43.1 43.2 43.3 43.4 43.5 Pereira, Bernadette; Andrew, Gracy (2007). "The explanatory models of depression in low income countries: Listening to women in India". Journal of Affective Disorders খণ্ড 102 (1–3): 209–218. doi:10.1016/j.jad.2006.09.025. PMID 17074394. 
  44. 44.0 44.1 44.2 44.3 44.4 44.5 Loganathan, Santosh; Murthy, R (2011). "Living with schizophrenia in India: Gender Perspectives". Transcultural Psychiatry খণ্ড 48 (569): 569–84. doi:10.1177/1363461511418872. PMID 22123834. 
  45. 45.0 45.1 45.2 45.3 45.4 Shahmanesh, Maryam; Wayal, Sonali (2009). "Suicidal Behaviour Among Female Sex Workers in Goa, India: The Silent Epidemic". American Journal of Public Health খণ্ড 99 (7): 1239–46. doi:10.2105/ajph.2008.149930. PMID 19443819. 
  46. Das, Sushmita; Bapat, Ujwala; Shah More, Neena; Alcock, Glyn; Joshi, Wasundhara; Pantvaidya, Shanti; Osrin, David (2013-09-09). "Intimate partner violence against women during and after pregnancy: a cross-sectional study in Mumbai slums". BMC Public Health খণ্ড 13 (1): 817. doi:10.1186/1471-2458-13-817. ISSN 1471-2458. PMID 24015762. 
  47. Panda, Pradeep; Agarwal, Bina (2005). "Marital violence, human development and women's property status in India". World Development খণ্ড 33 (5): 823–850. doi:10.1016/j.worlddev.2005.01.009. 


বাহ্যিক সংযোগ

[সম্পাদনা কৰক]