সমললৈ যাওক

পৃষ্ঠা:প্ৰতিমা.pdf/৩৪

ৱিকিউৎসৰ পৰা
১৩:৪৭, ১৬ জুলাই ২০২৪-ত Himashree Borah (আলোচনা | বৰঙণি) সদস্য‌ই কৰা সংশোধন (→‎মুদ্ৰণ সংশোধন কৰা হৈছে: ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।)
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ইচ্ছা,মই
 

ইচ্ছা।

ইচ্ছাৰ বিৰোধে ভীম ঘোৰ শত শত্ৰু
 সৰ্ববথা জিকিব সিটো ইচ্ছা যাৰ বলী।
জীৱন-যুদ্ধত ইচ্ছ৷ প্ৰধান সাৰথি
 কি ভয় মৰণে ৰণে ইচ্ছা সৰ্ব্বদলী।

ম‍ই।

সংসাৰ মোৰেই পূৰ্ণ দেখোঁ,
 আছোঁ মাথোঁ নিৰঞ্জন ম‍ই।
নাই তুমি কেওঁ আৰু নাই,
 পাৰাঁ যদি হোৱাঁ মোতে লয়।
মই ম‍ই মই মাত্ৰ বিপুল সংসাৰ-
 মই মই মই সুৰে শুনা
বাজিছে প্ৰাণৰ বীণা তান
 ম‍ই বিনা আছে নো কি গুণা।


২৫