সমললৈ যাওক

পৃষ্ঠা:হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত.pdf/১০০

ৱিকিউৎসৰ পৰা
১৩:৫২, ১২ জুলাই ২০২৪-ত Himashree Borah (আলোচনা | বৰঙণি) সদস্য‌ই কৰা সংশোধন (→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "দিয়া হল - হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত ৮১ “আমাৰ ভাষাৰ বৰ্ণবিন্যাস তিনি প্ৰকাবে কৰা হয়। প্ৰথমে উচ্চাৰণ অনুসৰি, দিতীয়ত মূল শব্দৰ দবে, তৃতীয়ত জনালোকসকলে বহু দিন চল..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
(পাৰ্থক্য) ← আগৰ সংশোধন | শেহতীয়া সংশোধন (পাৰ্থক্য) | নতুন সংশোধন → (পাৰ্থক্য)
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দিয়া হল - হেমচন্দ্ৰ বৰুৱাৰ জীৱন চৰিত ৮১ “আমাৰ ভাষাৰ বৰ্ণবিন্যাস তিনি প্ৰকাবে কৰা হয়। প্ৰথমে উচ্চাৰণ অনুসৰি, দিতীয়ত মূল শব্দৰ দবে, তৃতীয়ত জনালোকসকলে বহু দিন চলোৱা বিন্যাসৰ কথাত উচ্চাৰণেই ঘাই লাগে। নিয়মমতে। কিন্তু বৰ্ণ- বাট দেখাওঁতা। এতেকে যদি মূল শব্দৰ আখৰ ৰাখিলে কোনো অসমীয়া শব্দৰ উচ্চাৰণ নৰে, তেনেহলে তোৰ মূললৈ নেচাই উচ্চাৰণৰ অনুগামী হব এই কাৰণ সংস্কৃত “মসূৰ” শব্দক আমাৰ উচ্চাৰণ অনুসাৰে মচুৰ * লিখা বৰ্ত্তব্য। আৰু সেইদৰেই সং প্ৰৱীণ, অং প্ৰৱীণ, সং বৰ্ত্তি, অং বন্তি, সং বৰ্ণবিন্যাস, অং বৰ্ণবিন্যাস, সং বেদ, অং ৱেদ, বং সজিনা, অং চাজানা, হিং আৰ্সী, অং আৰ্চী ইত্যাদি। ফাৰ্চী আদি বিদেশী ভাষাৰ শব্দকো আমাৰ উচ্চাৰণৰ দৰে লিখা উচিত, যেনে চাহাব, বি টিচ, ইত্যাদি। মূল শব্দৰ যি আখৰ ৰাখিলে অসমীয়া ৰুচিয়া শব্দৰ ব্যতিক্ৰম নহয় তাক মূলৰ দৰে লিখিব লাগে; যেনে সং কৰ্ণ, অং কাণ, সং ছাত্ৰ, অং ছাতৰ, সং ষোড়শ, অং ষোল, সং সপ্ত, অং সাত, ইত্যাদি। অনেক দিন চলি থকা নিয়ম ভৰি (চৰণ) গোটেই গাৰ ভৰ ইয়াত আছে, এই ভাবত তাৰ সেই নাম হৈছে, এতেকে তাক ভৰী লিখা উচিত, কিন্তু “ভৰি” এই দৰে লিখা ৰীতি বহুদিন চলি আছে, আৰু সেই ৰূপে লিখাৰ পৰা উচ্চাৰণ নলৰে। এই কাৰণ তাৰ বৰ্ণবিন্যাসৰ পৰিৱৰ্ত্তন অনাৱশ্যক, আৰু বাঞ্ছনীয় নহয়। এই কথা মনত ৰাখিব লাগে যে যদিও আমি সংস্কৃত পুথি গড়াতে সেই ভাষাৰ নিয়মমতে শ, ষ, আৰু স, এই কেইটা আখৰক চ উচ্চাৰণ কৰো, তথাপি অসমীয়াত চলিত সংস্কৃত শব্দত সিহঁতৰ উচ্চাৰণ অসমীয়া।