সমললৈ যাওক

পৃষ্ঠা:প্ৰতিমা.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
প্ৰতিমা।
 

আওহেলা।

দিনৰ দিনটো খপি মিছা ভাবনাত
সন্ধিয়া উচুপি উঠি বহিলোঁ শয্যাত।
সকলো ওলটে দেখোঁ বিশ্ৰাম বিচাৰি
সামৰি দিনৰ কাম লৱৰি ভাগৰি।
এন্ধাৰ নিবাশে আহি আধা আবৰিলে
জীৱনত পোহৰৰ বাকি যি আছিলে।
এতিয়াও দিব পাৰোঁ গোটেই জীৱন
যদি ঘূৰি পাওঁ হায় জোনাক একণ।

প্ৰাণৰ দৰাটি।

হাঁহি চায় কোনে? অই লাহৰী তৰাটি!
 বুকুত খেলিছে আজি আনন্দৰ ঢৌ।
 আহিব লাগিছে জোন পালেহি নে নৌ?
ভুমুকি মাৰিছে হাঁহি প্ৰাণৰ দৰাটি।

২২