সমললৈ যাওক

পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বৈদেহী-বিচ্ছেদ।


 তুমি চিনা, তুমি চিনা,
 তুমি চিনা ফুল।
 গোলাপত কাঁইট দেখি,
 কেতেকীত সাপ্ দেখি,
 যি নোতোলে ফুল সখী,
 সি কি বুজে মোল।
৩য় অঃ। (কন্দনা মুৱা হৈ) থোৱাঁ চতুৰালী,
 দিম্ গালি পাৰি।
১ম আৰু ২য় অঃ। (কেতেকী ফুলৰ পাহি গালৈ দলিয়াই; সুৰ লগাই)
 আমি কেতেকীৰ পাহিৰে
২য় অঃ। (কাপোৰৰ আঁচলৰে চকুৰ পানী মচি)
 দেখা চকুৰ পানী
১ম আৰু ২য় অঃ। (৩য় অস্পৰীক সাবত মাৰি),
 আজি ফুলনীৰ মাজতে
 পাতিম ৰাণী।
৩য় অঃ। অস্পৰী-উ-উ-উ-(ক্ৰন্দন্)।
১ম আৰু ২য় অঃ। (সুৰ লগাই)
 না বুলিয়ে মাতিছে
 কুউ-উ-উ-উৰুলি ধ্বনি)
৪ৰ্থ অঃ। সখি! সৌটি কোন্?
 গুন্ গুন্ গুন্ কৈ
 আলসুৱা-কুমলীয়া
 যুতি ফুলটীৰ,