সমললৈ যাওক

পৃষ্ঠা:ৰাইনা আৰু শিয়ালৰ সাধু.pdf/৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ছুনু-মুনুৱে খেল শেষ কৰি
ল'ব বাহবা বাহ! বাহবা বাহ!
বাহবা বাহ।'

 এনেকৈ গাই গাই হৰিণাৰ দৰে ঠেং দাঙি জঁপিয়াই জঁপিয়াই আহি তাই ঘৰ পালে। সেইদিনা ভেকোৰা আকৌ আহিল। সি চুপেচাপে লগত এসোপা শিয়াল লৈ আহি চাই ল'লে ৰাইনাৰ মাক কাষত আছে নে নাই। মাকক নেদেখি সি ভাবিলে — এয়ে সোণালী সুযোগ! সি বাকীকেইটা শিয়ালক ইংগিত দি কাষলৈ মাতিলে। ভেকোৰাই চেপা চেপা মাতেৰে ৰাইনাকো মাতিলে। সি নিশ্চিত যে এইবাৰ ৰাইনা হাৰিব। তাই ইমানবিলাক শিয়াল গণিব যে নোৱাৰে, সেয়া খাটাং। হাঁহ দুটা আমাৰ হ’বই। ৰাইনাও চুচুক-চামাককৈ খিৰিকীমুখলৈ আহি শিয়ালকেইটা মনে মনে গণি পেলালে— এক, দুই, তিনি, চাৰি, পাঁচ, ছয়, সাত, আঠ, ন, দহ। তাৰ পাছত তাই একো নজনাৰ ভাও ধৰি, কন্দনামুৱাকৈ ক'লে— ‘অ’ ভেকোৰা, তই সঁচাকৈয়ে আহিলি? আজি আমাক নিবি নেকি? নালাগে দে অ’— মোৰ বৰ ভয় লাগিছে।'

 ভেকোৰাই ক’লে— ‘মোৰ এক কথা। তোক দুদিনো ৰেহাই দিলোঁ, আৰু নোৱাৰোঁ। তই যদি আজি আমি কিমানটা শিয়াল আহিছোঁ ক'ব নোৱাৰ, তেন্তে তোকো নিম, হাঁহ দুটাও নিম। সেইটো খাটাং। শিয়ালৰ মহা ৰং। সি ভাবিছে, আজি তাৰ জয় হ’বই। ৰাইনাই ক'লে— ‘তেন্তে মোৰ হ'লে এটা দাবী আছে। তই মানিব লাগিব।'

 ভেকোৰা:'ক, কি দাবী আছে। মুঠতে তই হাৰিলে মোৰ লগত যাব লাগিব।'

 ৰাইনা:'ঠিক আছে; মই যদি হাৰোঁ মই যাম। হাঁহ দুটাও নিবি বাৰু। কিন্তু তই যদি হাৰ, তেন্তে তহঁত আটায়ে এই বাৰী এৰি যাব লাগিব।'

 ভেকোৰা:'উৱা! বাৰী এৰি যাম ক’লৈ? আমি ইয়াতেইতো আছো বহুদিনৰপৰা! তই জিকিলে আমি মাথোন তহঁতক এৰি যাম, হাৰিলে তহঁতক নি বনত ভগাই খাম। কথা সিমানেই।'

 ৰাইনা:'মইতো অকণমানি ছোৱালী, হাঁহো মুঠেই দুটা। তহঁত দহটা শিয়ালৰ পেট ভৰিবনে? তহঁত দুটাৰ লগত বাকী আটাইবোৰকেনো কে'লেই আনিলি?'

 ভেকোৰাৰ মূৰ গৰম হৈ গ'ল। এইজনী কম ছোৱালী নহয় দেই! তাই নগণাকৈয়ে তপৰাই আমাৰ শিয়ালৰ সংখ্যা কৈ পেলালে। সি বৰ লাজ পালে। সি ক'লে— 'ৰাইনা, তইনো নগণাকৈয়ে কেনেকৈ শুদ্ধকৈ ক'লি?' ৰাইনাই ক'লে, ‘ম‍ই মন্ত্ৰ জানো। তহঁত বাৰী-জংঘলত যিমান শিয়াল থাকিলেও ম‍ই ক'ব পাৰোঁ। তই মোৰ লগত জিকিব নোৱাৰ।

৬৩