ৱিকিচ'ৰা:অসম
অসম (ইংৰাজী: Assam) [Asom] ( অসমৰ চলচ্চিত্ৰই মূলতঃ অসমীয়া ভাষাত নিৰ্মিত চলচ্চিত্ৰসমূহকে বুজাই যদিও অন্য স্থানীয় ভাষা, যেনে- বড়ো, কাৰ্বি আদিত নিৰ্মিত চলচ্চিত্ৰও ইয়াৰ অন্তৰ্গত। বহল অৰ্থত অসম ৰাজ্যৰ পৰা নিৰ্মাণ কৰা সকলো চলচ্চিত্ৰকে অসমৰ চলচ্চিত্ৰ বুলিব পাৰি। ১৯৩৫ চনৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ছবি জয়মতীৰ জৰিয়তেই অসমৰ চলচ্চিত্ৰৰ উদ্যোগে জন্ম লাভ কৰে। তেতিয়াৰে পৰাই বহুতো উত্থান-পতনৰ মাজেৰে ই বৰ্তমানৰ ৰূপ পাইছেহি। বাণিজ্যিকৰ লগতে সমান্তৰাল ধাৰাৰ ছবিও নিৰ্মাণ হৈ আহিছে। সমান্তৰাল ছবিৰ পৰিচালকৰ ভিতৰত ডo ভবেন্দ্ৰ নাথ শইকীয়া আৰু জাহ্নু বৰুৱা নাম উল্লেখযোগ্য। যদিও এই উদ্যোগৰ ইতিহাস পুৰণি আৰু বহুসংখ্যক ছবিয়ে ৰাষ্ট্ৰীয়স্তৰত সন্মান লাভ কৰিছে, তথাপিও ৰাষ্ট্ৰীয় তথা আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ই বিশেষ চমক প্ৰদৰ্শন কৰিবলে আজিকোপতি সক্ষম হোৱা নাই। সাম্প্ৰতিক কালৰ অসমীয়া চলচ্চিত্ৰ উদ্যোগ বহুতো সমস্যাৰে জৰ্জৰিত। তাৰ ভিতৰত উল্লেখযোগ্য হৈছে দৰ্শক আৰু চিত্ৰগৃহৰ অভাৱ। তাৰোপৰি ডাঙৰ চলচ্চিত্ৰ উদ্যোগ, যেনে: বলিউডে সদায়ে এই স্হানীয় উদ্যোগটোৰ প্ৰসাৰত সমস্যাৰ সৃষ্টি কৰি আহিছে। (সবিশেষ পঢ়ক .....) বিষ্ণুপ্ৰসাদ ৰাভা, অসমৰ এজন কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা আৰু মুক্তি যুঁজাৰু আছিল। কাশীৰ হিন্দু বিশ্ববিদ্যালয়ত প্ৰদৰ্শন কৰা "নটৰাজ" নৃত্যত বিমুগ্ধ হৈ আৰু তেখেতৰ সাংস্কৃতিক বৰঙনিলৈ সন্মান জনাই সেইসময়ৰ হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড° সৰ্বপল্লী ৰাধাকৃষ্ণনে তেখেতক ১৯৩৯ চনত কলাগুৰু উপাধি প্ৰদান কৰিছিল। ১৯০৯ চনৰ ৩১ জানুৱাৰীত বেঙ্গল প্রেসিডেন্সি (এতিয়াৰ বাংলাদেশ) ঢাকাত বিষ্ণু ৰাভাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ মুছাহাৰী। জন্মসূত্ৰে গোপাল চন্দ্ৰ মুছাহাৰী বড়ো জনগোষ্ঠীৰ হ'লেও তেখেত এটা ৰাভা পৰিয়ালত ডাঙৰ হৈছিল। পাছলৈ তেখেতে সেয়ে 'ৰাভা' উপাধি গ্ৰহন কৰে। ব্ৰিটিছ সেনাৰ উচ্চ পদস্থ বিষয়া গোপাল ৰাভাক 'ৰায়বাহাদুৰ' উপাধি যঁচা হৈছিল। গোপাল ৰাভাক বেংগলৰ গৱৰ্নৰৰ এ.ডি.চি. পদলৈ পদোন্নতি দিয়া হৈছিল। দৰং জিলাৰ চাবেক বাসিন্দা গোপাল ৰাভা, তেজপুৰৰ বাণ ৰঙ্গমঞ্চৰ লগত জড়িত আছিল। তেখেতে মূল থিয়েটাৰ ভৱনৰ নিৰ্মাণত যথেষ্ট অৱদান আগবঢ়াইছিল। (সবিশেষ পঢ়ক .....)
ভূগোল: ব্ৰহ্মপুত্ৰ • অধিক ইতিহাস: অসমৰ ইতিহাস • অসমৰ বুৰঞ্জী • ভাৰতৰ স্বাধীনতা আন্দোলন • অধিক জিলা আৰু নগৰসমূহ: অসমৰ জিলাসমূহ • কামৰূপ (মহানগৰ) • যোৰহাট • ডিব্ৰুগড় • শোণিতপুৰ • বঙাইগাঁও • অধিক পৰ্যটন: ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য • কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান • কামাখ্যা মন্দিৰ • মাজুলী • শিৱসাগৰ • ভালুকপুং • পবিতৰা অভয়াৰণ্য • অধিক সংস্কৃতি: অসমীয়া • সাহিত্য • চলচ্চিত্ৰ • জনগোষ্ঠী • বিহু • ফাকুৱা • দুৰ্গা পূজা • আলি আঃয়ে লৃগাং • অধিক ব্যক্তি: শ্ৰীমন্ত শংকৰদেৱ • গোপীনাথ বৰদলৈ • ভূপেন হাজৰিকা • আনন্দৰাম বৰুৱা • বিষ্ণু ৰাভা • অধিক
|