পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৫১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৫
বৈদেহী-বিচ্ছেদ।

বশিষ্ঠ—এতিয়া যজ্ঞ ক্ষেত্ৰ নিৰ্ম্মাণ, বন্ধুবান্ধৱৰ নিমন্ত্ৰণ, যজ্ঞ সম্ভাৰ সংগ্ৰহ, স্বৰ্ণ সীতা নিৰ্ম্মাণ আদি কাৰ্য্য শীঘ্ৰে সম্পন্ন হব লাগে। যজ্ঞাৰ্হ্ন লক্ষণযুক্ত এটি কৃষ্ণসাৰ অশ্ব বিচাৰ কৰাওক। পূজাৰ বাবে যি যি বস্তু লাগে তাক গোটাবৰ নিমিত্তে মোৰ লগত কেজন যোগ্যবান মানুহ দিয়ক।

ৰাম—বোপা লক্ষ্মণ! পলম কৰিবৰ সকাম নাই। শীঘ্ৰে মহাত্মা সুগ্ৰীৱক, কামগামী ৰাক্ষসবিলাকে সৈতে অতুলবিক্ৰম ৰাক্ষসৰাজ বিভীষণক, দেশ বিদেশৰ ৰজাসকলক, নৰ্ত্তক নৰ্ত্তকী, সুত্ৰধাৰ আরু ঋষি মুনিসকলক যজ্ঞলৈ নিমন্ত্ৰণ কৰাঁ। গোমতী নদীৰ তীৰৰ নৈমিষাৰণ্যত বহলকৈ যজ্ঞভূমি নিৰ্ম্মাণ কৰিবলৈ আদেশ কৰাঁ। প্ৰজাবিলাকৰ ঘৰে ঘৰে যেন আজি শান্তি বিৰাজ কৰে। ভৰত বোপা! তুমি যজ্ঞ সম্ভাৰ নৰ্ত্তকী আৰু বেপাৰী দোকানীবিলাক যজ্ঞ স্থানলৈ পঠাই দিয়া। তুমি নিজেও আইসকলক লৈ শত্ৰুঘ্নেৰে সৈতে তালৈকে যোৱাঁ। স্বৰ্ণ সীতাও তোমালোকৰ লগতে লৈ যোৱাঁ। বোপা লক্ষণ! তুমি শীঘ্ৰে গৈ নিজ চকুৰে চাই ঘোৰাশালৰপৰা এটি ঘোৰা লৈ আহাঁ আৰু সৈন্য সামন্ত লৈ ঘোৰাৰ ৰক্ষাৰ নিমিত্তে যাবলৈ প্ৰস্তুত হোৱাঁ। মধুমত্ত! তুমি ঘোৰাৰ কঁপালত আৰি দিবৰ নিমিত্তে এখনি স্বৰ্ণাক্ষৰৰ জয়পত্ৰ লেখি দিয়াঁ।

লক্ষ্মণ—ককাইদেউ! মই ঘোৰা আৰু সৈন্য-সামন্ত উলিয়াই লৈ আহোঁগৈ। মধুমত্ত! তুমিও আহাঁ। (উভয়ৰে নিষ্ক্ৰামণ)