সমললৈ যাওক

হেলেন কেলাৰ

ৱিকিউদ্ধৃতিৰ পৰা
প্ৰিণ্ট কৰাযোগ্য সংস্কৰণ এতিয়া আৰু সমৰ্থিত নহয় আৰু ৰেণ্ডাৰিং ত্ৰুটি থাকিব পাৰে। অনুগ্ৰহ কৰি আপোনাৰ ব্ৰাউজাৰৰ বুকমাৰ্কসমূহ আপডেট কৰক আৰু অনুগ্ৰহ কৰি ইয়াৰ পৰিৱৰ্তে ডিফ'ল্ট ব্ৰাউজাৰ প্ৰিণ্ট ফাংশ্যন ব্যৱহাৰ কৰক।
হেলেন কেলাৰৰ আলোকচিত্ৰ

হেলেন কেলাৰ (ইংৰাজী: Helen Keller; ২৭ জুন, ১৮৮০ - ১ জুন, ১৯৬৮) এগৰাকী আমেৰিকান লিখক, ৰাজনৈতিক কৰ্মী তথা উদ্যমী বক্তা হিচাপে বিশ্ববিখ্যাত বিশেষভাৱে সক্ষম নাৰী। ১৮৮০ চনৰ ২৭ জুন তাৰিখে তেওঁৰ আমেৰিকাৰ তুস্কোম্বিয়া, আলবামাত জন্ম হৈছিল। ১৮৮২ চনত হোৱা এক ব্যাধিৰ ফলত তেওঁ শ্ৰৱণ আৰু বাকশক্তি হেৰুৱাই পেলায়। কেলাৰৰ শিক্ষয়ত্ৰী আন্না ছালভিয়ানৰ তত্বাৱধানত তেওঁ যথেষ্ঠখিনি আৰোগ্য লাভ কৰে আৰু আনৰ লগত ভাৱৰ আদান প্ৰদান কৰিবলৈ শিকে। পিছলৈ তেওঁ কলেজলৈও যায় আৰু ১৯০৪ চনত ৰেডক্লিফ কলেজৰ পৰা সন্মান সহকাৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেৱেঁই একমাত্ৰ বাক অৰু শ্ৰৱণ শক্তিবিহীন ব্যক্তি যিয়ে প্ৰথম কলা শাখাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

উদ্ধৃতিসমূহ

  1. পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ আৰু সকলোতকৈ ধুনীয়া বস্তুবোৰ দেখা নাপায় বা স্পৰ্শ কৰিব নোৱাৰি। সেইবোৰ হৃদয়েৰে অনুভৱ কৰিব লাগিব।[১]
  2. এটা সুখী জীৱন অনুপস্থিতিত নহয়, বৰঞ্চ কষ্টৰ আয়ত্ততহে গঠিত।[২]

উৎস

বাহ্যিক সংযোগ

:w:
:w:
ৱিকিপিডিয়াত সম্বন্ধিত পৃষ্ঠা: