সমললৈ যাওক

ঊষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰিণ্ট কৰাযোগ্য সংস্কৰণ এতিয়া আৰু সমৰ্থিত নহয় আৰু ৰেণ্ডাৰিং ত্ৰুটি থাকিব পাৰে। অনুগ্ৰহ কৰি আপোনাৰ ব্ৰাউজাৰৰ বুকমাৰ্কসমূহ আপডেট কৰক আৰু অনুগ্ৰহ কৰি ইয়াৰ পৰিৱৰ্তে ডিফ'ল্ট ব্ৰাউজাৰ প্ৰিণ্ট ফাংশ্যন ব্যৱহাৰ কৰক।

ঊষা (ইংৰাজী: Usha) হৈছে শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ পত্নী, চিত্ৰলেখাৰ সখী ঊষা আছিল শোণিতপুৰ (বৰ্তমানৰ তেজপুৰ)-ৰ ৰজা বাণাসুৰৰ জীয়েক।[1]

কিংবদন্তী

পুৰণি কালত শোণিতপুৰ (বৰ্তমানৰ তেজপুৰ) ৰাজ্যৰ ৰজা বাণাসুৰৰ ঊষা নামেৰে এজনী পৰম ৰূপৱতী কন্যা আছিল। ঊষাৰ সখী চিত্ৰলেখাৰ মায়াৰ বলত অনিৰুদ্ধ আৰু ঊষাৰ মাজত প্ৰেম হয়। আৰু ঊষাক পাবলৈ অনিৰুদ্ধই অসম (শোণিতপুৰ) -লৈ আহে।[2]

বাণ এজন প্ৰবল শিৱভক্ত ৰজা আছিল। বাণ ৰজা প্ৰহ্লাদৰ নাতি মহাবীৰ বলিৰ পুত্ৰ আছিল। বিষ্ণুৰ বামন অৱতাৰত ছলনা কৰি বলিক পাতাললৈ পঠাই দিয়াত শিৱক তপস্যা কৰি বাণ ৰজাই শোণিতপুৰ ৰাজ্যখন পায়।[2]

বাণ ৰজাই অনিৰুদ্ধক অন্তেষপুৰত নাগ-পাশেৰে বান্ধি থয়। অনিৰুদ্ধক দ্বাৰকাত নেদেখি হুলস্থূল লগাত দেৱৰ্ষি নাৰদে গৈ অনিৰুদ্ধৰ কথা সবিশেষ জনায় আৰু ৰণ-সাজেৰে যদু-সেনা শোণিতপুৰলৈ যায়। এই যুদ্ধত বাণ ৰজাৰ পক্ষলৈ মহাদেৱে শ্ৰীকৃষ্ণৰ লগত যুদ্ধ কৰে। ইয়াক হৰি-হৰ যুদ্ধ বুলি কোৱা হয়। এই যুদ্ধত হৰ হাৰে।[2]

পুনৰজন্ম

শিৱ পুৰাণৰ মতে, ঊষা আৰু অনিৰুদ্ধ পৰৱৰ্তী জীৱনত বেউলা আৰু লখিন্দৰ ৰূপে পুনৰজন্ম লৈছিল আৰু ইজনে সিজনক পুনৰ বিবাহ কৰিছিল।[3]

চিত্ৰ বিথিকা

তথ্য সংগ্ৰহ

  1. ড॰ বাণীকান্ত কাকতি. কুমৰ-হৰণ। গ্ৰন্থ : পুৰণি অসমীয়া সাহিত্য. অসম প্ৰকাশন পৰিষদ (আগষ্ট ২০১৪). পৃষ্ঠা. 19-26. 
  2. 2.0 2.1 2.2 ড॰ বাণীকান্ত কাকতি. কুমৰ-হৰণ। গ্ৰন্থ=পুৰণি অসমীয়া সাহিত্য. অসম প্ৰকাশন পৰিষদ (আগষ্ট ২০১৪). পৃষ্ঠা. 19-26. 
  3. McDaniel, June (2004-08-05) (en ভাষাত). Offering Flowers, Feeding Skulls: Popular Goddess Worship in West Bengal. Oxford University Press. ISBN 978-0-19-029056-6. https://books.google.com/books?id=d21MCAAAQBAJ&q=behula+lakhindar+usha&pg=PT51.