সমললৈ যাওক

পৃষ্ঠা:ৰাইনা আৰু শিয়ালৰ সাধু.pdf/৩৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

ৱিকিউৎসৰ পৰা
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "এনে কথাত আমি ভৃত্যই কেনেকৈ সহ্য কৰিব পাৰোঁ?' ৰজাই ভৰি দুখন তললৈ নমাই প্ৰশ্ন কৰিলে— “কি ক'ব বিচাৰিছা ভাঙি-পাতি কোৱা।' মন্ত্ৰীয়ে মুৰটো খজুৱাই ধীৰে ধীৰে ক'লে— ‘মহাৰাজ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
টেগ্‌: মুদ্ৰণ সংশোধন কৰা হোৱা নাই
 
→‎মুদ্ৰণ সংশোধন কৰা হৈছে: ৰ-প্ৰতিস্থাপন সঁজুলি ব্যৱহাৰ কৰি ‘বঙালী ৰ’ প্ৰতিস্থাপন কৰা হ’ল।
টেগ্‌: মুদ্ৰণ সংশোধন কৰা হৈছে
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
এনে কথাত আমি ভৃত্যই কেনেকৈ সহ্য কৰিব পাৰোঁ?'
এনে কথাত আমি ভৃত্যই কেনেকৈ সহ্য কৰিব পাৰোঁ?'<br/>
ৰজাই ভৰি দুখন তললৈ নমাই প্ৰশ্ন কৰিলে— “কি ক'ব বিচাৰিছা ভাঙি-পাতি
{{gap}}ৰজাই ভৰি দুখন তললৈ নমাই প্ৰশ্ন কৰিলে— “কি ক'ব বিচাৰিছা ভাঙি-পাতি
কোৱা।'
কোৱা।'<br/>
মন্ত্ৰীয়ে মুৰটো খজুৱাই ধীৰে ধীৰে ক'লে— ‘মহাৰাজ। কাটকেই বা মাৰকেই,
{{gap}}মন্ত্ৰীয়ে মুৰটো খজুৱাই ধীৰে ধীৰে ক'লে— ‘মহাৰাজ। কাটকেই বা মাৰকেই,
সত্য কথা নোকোৱাকৈ থাকিব নোৱাৰোঁ। আজি মই চুলি কাটি থকা সময়ত
সত্য কথা নোকোৱাকৈ থাকিব নোৱাৰোঁ। আজি মই চুলি কাটি থকা সময়ত
নাপিতজনে ক'লে সি বোলে কালি আপোনাৰ চুলি কটা সময়ত মহাৰাণীক দেখিলে।
নাপিতজনে ক'লে সি বোলে কালি আপোনাৰ চুলি কটা সময়ত মহাৰাণীক দেখিলে।
১০ নং শাৰী: ১০ নং শাৰী:
মতে শুনাও পাপ। সিনো বাৰু লোকৰ তিৰোতাৰ ওপৰত নজৰ কৰিব পায়নে? মই
মতে শুনাও পাপ। সিনো বাৰু লোকৰ তিৰোতাৰ ওপৰত নজৰ কৰিব পায়নে? মই
তাৰ এনে কুভাবনাৰ কথা মহাৰাজক নজনালে মোৰ পাপ হ'ব বুলিহে আহিলোঁ।
তাৰ এনে কুভাবনাৰ কথা মহাৰাজক নজনালে মোৰ পাপ হ'ব বুলিহে আহিলোঁ।
মহাৰাজ! দায়-দোষ নধৰি ক্ষমা কৰিব।'
মহাৰাজ! দায়-দোষ নধৰি ক্ষমা কৰিব।'<br/>
মন্ত্ৰীৰ মুখত এনে কথা শুনি ৰজা জঁপিয়াই উঠিল। তেওঁ ভাবিলে, ই একো
{{gap}}মন্ত্ৰীৰ মুখত এনে কথা শুনি ৰজা জঁপিয়াই উঠিল। তেওঁ ভাবিলে, ই একো
আচৰিত নহয়। এই নাপিতেই মন্ত্ৰীৰ ঘৈণীয়েকৰ ওপৰত নজৰ কৰি মোক এনেখন
আচৰিত নহয়। এই নাপিতেই মন্ত্ৰীৰ ঘৈণীয়েকৰ ওপৰত নজৰ কৰি মোক এনেখন
লটি-ঘটি কৰিলে।' এই ভাবি তেওঁ ক'লে— কি? ই এনে কল্পনা কৰে? ম‍ই ইয়াৰ
লটি-ঘটি কৰিলে।' এই ভাবি তেওঁ ক'লে— কি? ই এনে কল্পনা কৰে? ম‍ই ইয়াৰ
২১ নং শাৰী: ২১ নং শাৰী:
কান্দিবলৈ ধৰিলে যদিও চাওদাঙে তাক টানি লৈ গ'ল আৰু ৰজাৰ হুকুম পালন
কান্দিবলৈ ধৰিলে যদিও চাওদাঙে তাক টানি লৈ গ'ল আৰু ৰজাৰ হুকুম পালন
কৰিলে।
কৰিলে।
৩১
{{center|৩১}}

২১:২৪, ৬ জুলাই ২০২৪ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

এনে কথাত আমি ভৃত্যই কেনেকৈ সহ্য কৰিব পাৰোঁ?'
 ৰজাই ভৰি দুখন তললৈ নমাই প্ৰশ্ন কৰিলে— “কি ক'ব বিচাৰিছা ভাঙি-পাতি কোৱা।'
 মন্ত্ৰীয়ে মুৰটো খজুৱাই ধীৰে ধীৰে ক'লে— ‘মহাৰাজ। কাটকেই বা মাৰকেই, সত্য কথা নোকোৱাকৈ থাকিব নোৱাৰোঁ। আজি মই চুলি কাটি থকা সময়ত নাপিতজনে ক'লে সি বোলে কালি আপোনাৰ চুলি কটা সময়ত মহাৰাণীক দেখিলে। সি ক'লে বোলে এনে সুন্দৰী, লক্ষীযুক্তা তিৰোতা বোলে আপোনাৰ যোগ্য নহয়। সি ছলে-বলে-কৌশলে মহাৰাণীক মোৰ পত্নী কৰি লোৱাৰ পৰামৰ্শ দিলে। তাৰ বাবে সি মোক সহায়ো কৰিব বুলি ক'লে। ছিঃ ছিঃ মহাৰাজ। এনে কথা আমাৰ মতে শুনাও পাপ। সিনো বাৰু লোকৰ তিৰোতাৰ ওপৰত নজৰ কৰিব পায়নে? মই তাৰ এনে কুভাবনাৰ কথা মহাৰাজক নজনালে মোৰ পাপ হ'ব বুলিহে আহিলোঁ। মহাৰাজ! দায়-দোষ নধৰি ক্ষমা কৰিব।'
 মন্ত্ৰীৰ মুখত এনে কথা শুনি ৰজা জঁপিয়াই উঠিল। তেওঁ ভাবিলে, ই একো আচৰিত নহয়। এই নাপিতেই মন্ত্ৰীৰ ঘৈণীয়েকৰ ওপৰত নজৰ কৰি মোক এনেখন লটি-ঘটি কৰিলে।' এই ভাবি তেওঁ ক'লে— কি? ই এনে কল্পনা কৰে? ম‍ই ইয়াৰ যথোচিত বিচাৰ কৰিম। এইবুলি কৈ মন্ত্ৰীক বিদায় দিলে আৰু নাপিতক মাতি পঠিয়ালে। নাপিত আহিলত ৰজাই ক'লে— ‘তই মোৰ বৰ উপকাৰ কৰিলি। এতিয়া তই মোৰ পত্নীক লৈ মন্ত্ৰীৰ উপকাৰ কৰিবলৈ ওলাইছ। ইয়াৰ বাবে তই যথোচিত পুৰস্কাৰ পাবি।' এইবুলি চাওদাঙৰ ফালে চাই হুকুম দিলে— ইয়াক লৈ গৈ এতিয়াই শিৰচ্ছেদ কৰ আৰু মূৰটো মোক আনি দেখুওৱা।' নাপিতে হুৰাওৰাৱে কান্দিবলৈ ধৰিলে যদিও চাওদাঙে তাক টানি লৈ গ'ল আৰু ৰজাৰ হুকুম পালন কৰিলে।

৩১